কুন্দন ভৰালী

নগাঁও

২০ জানুৱাৰী

এগৰাকী যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। নগাঁৱত এগৰাকী যুৱকৰ ৰহস্যজনক মৃত্যু। যুৱক গৰাকীক হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। ন্যায় বিচাৰি আৰক্ষী থানাত উপস্থিত শতাধিক লোক।

নগাঁৱত এগৰাকী যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। মঙলবাৰে বিয়লি নগাঁৱৰ ছলচলি দলঙৰ সমীপৰ চেলুনৰ স্বত্বাধিকাৰীৰ ভাতৃ আনন্দ মোহন ঠাকুৰে চেলুনৰ সন্মুখতেই পান দোকানী এজনৰ সৈতে কথা পাতি থকা অৱস্থাত হঠাৎ ঢলি পৰে আনন্দ মোহন ঠাকুৰ। লগে লগে আনন্দ মোহনৰ জ্যেষ্ঠ ভাতৃয়ে আনন্দ মোহন ঠাকুৰক চিকিৎসালয়লৈ লৈ যায় যদিও যুৱকজনক মৃত ঘোষণা কৰে চিকিৎসকে। হঠাৎ হোৱা যুৱক গৰাকীৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই যুৱক পৰিয়ালৰ লোকে। বুধবাৰে আনন্দ মোহন ঠাকুৰৰ মৃত্যুক হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰি হয়বৰগাঁও আৰক্ষী চকীত এজহাৰ দাখিল কৰে পৰিয়ালৰ লোকে।

আনন্দ মোহন ঠাকুৰৰ সৈতে কথা পাতি থকা পান দোকানীজনক অভিযুক্ত কৰি এজহাৰ দাখিল কৰাৰ লগতে বুধবাৰে আৰক্ষী চকীত শতাধিক লোক উপস্থিত হৈ যুৱক গৰাকীৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী উত্থাপন কৰে। ঘটনাসন্দৰ্ভত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।