মীৰ জিয়াউৰ ৰহমান
গোসাইগাঁওৰ
২০ জানুৱাৰী

গৰুৰ পিছত এইবাৰ জব্দ চোৰাং ম’হৰ। গোসাঁইগাঁৱৰ অসম-বংগ সীমান্তবৰ্তী ফাইলাগুৰীত আৰক্ষীয়ে জব্দ কৰিলে ২০ টা ম’হ। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধুলি দি দুষ্ট চক্ৰই চলাই আছে গৰু, ম’হৰ চোৰাং সৰবৰাহ।

কোকৰাঝাৰ জিলাৰ গোসাইগাও মহকুমাৰ অন্তৰ্গত গ্ৰাহামপুৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই বহিঃৰাজ্যৰ পৰা অনা ২০ টাকৈ অবৈধ ম’হ জব্দ কৰে। গ্ৰাহামপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰধৰ উজীৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বুধবাৰে পুৱতি নিশা টহল দি থাকোতে অসম-বংগ সীমান্তবৰ্তী ২ নং ফাইলাগুৰি গাঁৱৰ ভিতৰুৱা ৰাস্তাৰে গৈ থকা অৱস্থাত ম’হ কেইটা আটক কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি চোৰাং পশুধন মাফিয়া চক্ৰই আৰক্ষীৰ চকুত ধুলি দি বিহাৰ, পশ্চিম বংগৰ পৰা গৰু, ম’হ আনি অসম-বংগ সীমান্তত গোপন স্থানত গাড়ীৰ পৰা গৰু, ম’হ সমূহ নমাই চোৰাং পথেৰে অসমত খোজকাঢ়ি লৈ আনি বিভিন্ন পথেৰে বাংলাদেশলৈ সৰবৰাহ কৰি অবৈধ ব্যবসায় অব্যাহত ৰাখিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে। আৰক্ষী প্ৰশাসনে গৰু-ম’হৰ অবৈধ ব্যৱসায়ৰ ক্ষেত্ৰত কঠোৰ হোৱা স্বত্তেও পশুধন মাফিয়া সকলে গৰু ম’হ চোৰাংভাৱে বাংলাদেশ লৈ চালান দি অব্যাহত ৰাখিছে পশুধনৰ ৰমৰমীয়া ব্যবসায়। আৰক্ষীয়ে জব্দ কৰা ম’হ কেইটাৰ মূল্য প্ৰায় বাৰ লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সুত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে গোসাঁইগাঁও মহকুমা পশু পালন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া তাৰিনীকান্ত কলিতাই ম’হ কেইটাৰ স্বাস্থ্য পৰীক্ষা কৰি কয় যে ম’হ কেইটা অসমৰ নহয়। ম’হ কেইটা বিহাৰএ সোনপুৰৰ পৰা লৈ অনা হৈছে। ম’হ কেইটা ওৱাটাৰ বাফেলো আৰু মূৰা জাতৰ ম’হ। বৰ্তমানে ম’হ কেইটা খোৱাৰলৈ প্ৰেৰণ কৰা হৈছে।