গুৱাহাটী
২০ ডিচেম্বৰ

দিছপুৰ প্ৰেছ ক্লাবৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন উপলক্ষে ৰাজ্যেৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে দেওবাৰে বিভিন্ন শিতানত ১৪ গৰাকী ব্যক্তিলৈ বঁটা প্ৰদান। অনুৰাধা শৰ্মা পূজাৰীক “শ্ৰেষ্ঠ সম্পাদক বঁটা ২০২০” আৰু ডঃ দিব্যজ্যোতি শইকীয়াক “শ্ৰেষ্ঠ মানৱতা ২০২০ বঁটা” প্ৰদান। বঁটা প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক কনক সেন ডেকাই।

দিছপুৰ প্ৰেছ ক্লাৱৰ পঞ্চম বৰ্ষপূৰ্তি উদযাপন উপলক্ষে ৰাজ্যৰ প্ৰমগৰাকী সাপ্তাহিক বাতৰি কাকতৰ সম্পাদক তথা প্ৰতিষ্ঠিত লেখিকা, সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীক “শ্ৰেষ্ঠ সম্পাদক বঁটা ২০২০”, দেশৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাস, সাম্প্ৰদায়িকতা আদিৰ বিৰুদ্ধে দুটা দশক ধৰি সংগ্ৰাম অব্যাহত ৰাখি শান্তি আৰু মানৱতা প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ “বিশ্ব সংবিধান আৰু সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য” অৰ্ধ-শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মানৱতা আৰু শান্তি বঁটাৰে বিভূষিত অসমৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক “শ্ৰেষ্ঠ মানৱতা ২০২০ বঁটা”, ৰাজনৈতিক ক্ষেত্ৰলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা বাবে অসম অলিম্পিক সন্থাৰ সম্পাদক, ক্রীড়া যুৱ কৈলান পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰক “যুৱ ৰাজনৈতিক বঁটা ২০২০”, অসমৰ কাৰিকৰী শিক্ষাত যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা কাৰিকৰী শিক্ষা বিভাগৰ সঞ্চালক তথা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অতুল বৰাক “জ্ঞানজ্যোতি বঁটা ২০২০”, নেম কেয়াৰ হস্পিতেলৰ স্বত্বাধিকাৰ ডাঃ হিতেশ্ব বৰুৱাক “জীৱন সঞ্জীৱনী বঁটা ২০২০”, নিউজ ১৮ অসমৰ নিউজ এংকৰ ইভা মহন্তক “নিউজ এংকৰ বঁটা ২০২০” ৰাজীৱ শইকীয়াক “সংবাদ বান্ধৱ বঁটা” মৌসম জ্যোতি বৈশ্যক “সংবাদিক সংগঠক বঁটা ২০২০ , আৰক্ষী বিষয়া অৰবিন্দ কলিতাক “জানাহিতৈষী আৰক্ষী বঁটা ২০২০”, উদিয়মান যুৱ উদ্যোগী উৎপল বণিয়াক “উদ্যোগী বঁটা ২০২০”, মুনমি ফুকনক “অভিনেত্ৰী বঁটা ২০২০, নিৰ্মালি এছ বৰাক “নবাগত অভিনেত্ৰী বঁটা ২০২০” ,এ পি ডব্লিউ’ৰ অভিজিত শৰ্মাক “সাহসী বঁটা ২০২০”, উদিয়মান যুৱ সংগঠক জিতুল ডেকাক “জাগ্ৰত যুৱ বঁটা ২০২০” সহ মুঠ ১৪ গৰাকী ব্যক্তিক ২০২০ বৰ্ষৰ সন্মানীয় বঁটা প্ৰদান কৰা হয়।

দিছপুৰ প্ৰেছ ক্লাৱৰ দেওবাৰৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকি বঁটা প্ৰদনা কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক কনক সেন ডেকাই। বঁটা বিতৰণি সভা সঞ্চালনা কৰে দিছপুৰ প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সাংবাদিক কুঞ্জ মোহন ৰায়ে। বিভিন্ন শিতানত বছৰটোৰ শ্ৰেষ্ঠ বঁটা লাভ কৰা ব্যক্তি সকলক দিছপুৰ প্ৰেছ ক্লাবৰ ফালৰ পৰা একোখন গামোচা, চেলেং, জাপি, ফুলৰ থোপা, মানপাত্ৰ আৰু একোটাকৈ স্মাৰক প্ৰদান কৰা হয়।