আজিজুল হক

বৰপেটা

২০ ডিচেম্বৰ

বৰপেটা জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই বজালী মহকুমাৰ হুকাৰটুপ আৰু কলৰগুৰিত পহুমাৰা নৈৰ বান আৰু খহনীয়াৰ ৰোধৰ বাবে জল সম্পদ বিভাগৰ দ্বাৰা ৰূপায়ন কৰা দুখন আঁচনিৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ৰাজ্যিক দুৰ্যোগ সহাৰি পুঁজিৰ আঢ়ৈ কোটি টকা ব্যয় সাপেক্ষে পহুমাৰা নৈৰ সাতশ মিটাৰ অংশ মেৰামতি আৰু সংবৰ্দ্ধনৰ উপৰি ৪৫০ মিটাৰ অংশত জিও বেগ সুৰক্ষা আৰু ২৭০ মিটাৰ অংশত আৰ চি চি পাৰ্কুপাইন নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে।

ইয়াৰ উপৰিও দুই কোটি টকা ব্যয় সাপেক্ষে হাতত লোৱা আন এখন আঁচনিৰ অধীনত ওচৰৰে  হুকাৰটুপ অঞ্চলত নৈখনৰ ২৭০০ মিটাৰ দৈৰ্ঘৰ মথাউৰী অংশৰ মেৰামতি আৰু সংবৰ্দ্ধনৰ আঁচনিখনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰা হয়। এই দুয়োখন আঁচনিৰ কামৰ শুভাৰম্ভ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে পহুমাৰা নৈৰ দাঁতি-কাষৰীয়া এই অঞ্চলৰ ৰাইজে যোৱাটো বানত সন্মূখীন হোৱা দুৰবস্থাৰ বিষয়ে আমি সম্পূৰ্ণ অৱগত। সেয়েহে ৰাজ্য চৰকাৰে অনুমোদন জনোৱা এই আচঁনিদুখনৰ দ্বাৰা ৰাইজৰ এই সমস্যাটোৰ যৎপৰোনাস্তি সমাধানৰ চেষ্টা চলোৱা হৈছে। এই আঁচনি দুখনৰ দ্বাৰা পশ্চিম কলৰগুৰি, শিঙিমাৰী, পুঠিমাৰী, শিয়ালমাৰী, ওডালগুৰি, মৈৰাভিটা, হাথিনাপুৰ, মৈনামতি বাজাৰ, চেকী, দৌলাপথাৰ, বৰভিটা, হোকাৰটুপ,পশ্চিম হোকাৰটুপ, ডালিমৰভিঠা আদি গাঁৱৰ ৰাইজ উপকৃত হ’ব বুলিও উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। উপায়ুক্ত গৰাকীয়ে এই আঁচনি দুখনৰ কাম-কাজৰ ওপৰত ৰাইজক চোকা দৃষ্টি ৰাখিবলৈ অনুৰোধ জনায়। ৰাজ্য চৰকাৰে ৰাইজৰ সুবিধাৰ্থে হাতত লোৱা বিভিন্ন আঁচনিৰ বিষয়েও ৰাইজক অৱগত কৰে উপায়ুক্ত গৰাকীয়ে। ইয়াৰ পূৰ্বে সভাত জল-সম্পদ বিভাগৰ বৰপেটা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পুলক চৌধুৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি আঁচনি দুখনৰ বিষয়ে সবিশেষ ব্যাখ্যা দাঙি ধৰে।

জল সম্পদ বিভাগৰ অধীক্ষক অভিযন্তা মুকুট ডেকা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা উপস্থিত থকা সভাখনত ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস আৰু সমাজ কৰ্মী নগেন চৌধুৰীয়েও ভাষণ প্ৰদান কৰে। হোকাটুপৰ দক্ষিণ লাউগাওঁ বুঢ়াগোহাঁই ঘৰ প্ৰাঙ্গনত অনুষ্ঠিত প্ৰথমখন সভাত স্থানীয় বয়োজেষ্ঠ নাগৰিক জনাৰ্দন দাসে সভাপতিত্ব কৰাৰ বিপৰীতে কলৰগুৰি নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত দ্বিতীয়খন সভাত সভাপতিত্ব কৰে স্থানীয় অবসৰপ্ৰাপ্ত শিক্ষক ফুলেন পাটগিৰীয়ে। দুয়োখন সভাতে বিশিষ্ট সমাজকৰ্মী বিপুল কৃষ্ণ দাস আৰু নিকুঞ্জ কুমাৰ দাসো উপস্থিত থাকে।