ফজলুৰ ৰহমানৰ

সোণতলী

২০ ডিচেম্বৰ

দুৰ্গ অক্ষুন্ন ৰখাৰ যুঁজ আৰম্ভ কংগ্ৰেছ দলৰ। বিধানসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানেই কংগ্ৰেছৰ দল তৎপৰ হৈছে নিজৰ দুৰ্গ সমূহ ৰক্ষা কৰাৰ বাবে। কংগ্ৰেছ দলৰ অন্যতম দুৰ্গ ছয়গাঁও সমষ্টিখন যাতে এইবাৰ হাতৰ পৰা ওলাই যাব নোৱাৰে ইয়াকে লৈ সষ্টম হৈ পৰিছে সমষ্টিখনৰ বৰ্তমানৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ।

বিটিচি আৰু তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন আছিল আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ ছেমি ফাইনেল। এই।ছেমি ফাইনেলত কংগ্ৰেছ দলে বেয়াকৈ পৰাজয় বৰণ কৰি এতিয়া দলটোৰ বিধায়ক-নেতা সকল অধিক তৎপৰ হৈ পৰিছে দলটোৰ দুৰ্গ সমূহ ৰক্ষা কৰাৰ বাবে। বিশেষকৈ ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে সমষ্টিখন পুনৰ নিজৰ দখলত ৰাখিবলৈ আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি। বিধায়ক ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত জোৰশিমুলীত মণ্ডল কংগ্ৰেছৰ উদ্দ্যোগত দেওবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ এক বিশাল কৰ্মী সভা। সভাত অসম গণ পৰিষদ দল ত্যাগ কৰি মুঠ আঠ গৰাকীকৈ জোৰশিমুলী গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যই কংগ্ৰেছ দলত যোগদান কৰে। জোৰশিমুলী মণ্ডলৰ সভাপতি আৰছফ আলী আহমেদৰ পৌৰহিত্যত অনুষ্ঠিত কংগ্ৰেছ দলৰ যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ। যোগদান কাৰ্যসূচীত ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে জাতীয় কংগ্ৰেছৰ দল হ’ল নীতি আৰ্দশৰ দল, ইয়াত সকলো দলৰ কৰ্মীৰ সমমৰ্যদাৰে আদৰণি জনোৱা হয়। ছয়গাঁও সমষ্টিৰ বিধায়ক গৰাকীয়ে অসম গণ পৰিষদ আৰু বিজেপি দলক তীব্ৰ সমালোচনা কৰে।

সভাত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক নাছিৰ উদ্দিন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক তথা কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ সম্পাদক আজিৰুল সৰকাৰ, গৰৈমাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ছামচুল হককে আদি কৰি বহু কংগ্ৰেছ কৰ্মী আৰু ৰাইজ উপস্থিত থাকে।