কুন্দন ভৰালী

নগাঁও

১২ অক্টোবৰ

ৰকিবুল হুছেইনৰ সমষ্টি চামগুৰিত ২০২১ ৰ বিধানসভা নিৰ্বাচনত অঘটন ঘটাৰ ইংগিত দিলে প্ৰাক্তন কংগ্ৰেছী দুলু আহমেদে। চামগুৰিলৈ গৈ দুলু আহমেদ নিশ্চিত হৈছে যে চামগুৰিত অঘটন ঘটিব। অঘটন ঘটাবলৈ প্ৰয়োজন হ’লে দুলু আহমেদে প্ৰতিদন্দিতা কৰিবলৈ প্ৰস্তুত।

সমাগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনকলৈ সকলোবোৰ ৰাজনৈতিক দলৰ নেতা-কর্মী ভোটা সকলৰ নিজ নিজ দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ তৎপৰ আছে। ইয়াৰ মাজতে কিন্তু প্ৰাক্তন কংগ্ৰেছী নেতা দুলু আহমেদ কংগ্ৰেছৰ দখলত থকা সমষ্টি সমূহত ঘূৰি ফুৰিছে সমষ্টি সমূহত কংগ্ৰেছ দলৰ বৰ্তমানৰ স্থিতি পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যে। তেনে এক উদ্দেশ্যেলৈ সোমবাৰে নগাঁও জিলাৰ চমগুৰিত উপস্থিত হৈ প্ৰাক্তন কংগ্রেছী নেতা দুলু আহমেদ নিশ্চিত হয় যে কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দলখত থকা সমষ্টিটোত ২০২১ ত ৰকিবুল হুছেইন পৰাজিত হোৱাটো নিশ্চিত। প্ৰাক্তন কংগ্রেছী নেতা দুলু আহমেদে কয় যে ৰকিবুল হুছেইনক পৰাজিত কৰিবলৈ প্ৰয়োজন হ’লে তেওঁ নিজে চামগুৰিৰ পৰা প্ৰতিদন্দিতা কৰিবলৈ প্ৰস্তুত।

বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফ সন্দৰ্ভত বিস্ফোন ঘটাই দুলু আহমেদে কয় যে এ আই ইউ ডি এফৰ মিত্ৰতা বিজেপিৰ লগতে আছে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা কোনো কাৰণতে নহয়। বদৰুদ্দিন আজমলে কংগ্ৰেছক ৰামঠগন দিব। বদৰুদ্দিন আজমলে মুছলমান জাতিক বদনাম কৰিছে আৰু কংগ্ৰেছ এ আই ডি এফৰ মিত্ৰতা হ’লেও কংগ্ৰেছে ২০ খনতকৈ অধিক আসন নাপায় বুলিও মন্তব্য কৰে দুলু আহমেদে। আনহাতে ৰুমী নাথক দলৰ পৰা নিলম্বিত কৰা প্ৰসংগত দুলু আহমেদে কয়, “মোৰ ৰুমী নাথৰ লগত চিনাকী নাই কিন্তু সুস্মিতা দেৱৰ লগত ৰুমী নাথৰ হোৱা সংঘাতৰ বাবেই ৰুমী নাথ নিলম্বিত হ’ল। প্ৰাক্তন মুখ্যমন্ত্ৰী অথবা প্ৰাক্তন সাংসদৰ সন্তান ন’হলে কংগ্ৰেছত কাম নাই। কংগ্ৰেছ দলত সাধাৰণ কৰ্মীৰ ত্যাগৰ কেতিয়াও মূল্য দিয়া নহয় বুলিও মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছ নেতা গৰাকীয়ে।

উল্লেখ্য যে কংগ্ৰেছ দল ত্যাগ কৰিয়েই কংগ্ৰেছৰ বিৰুদ্ধে নামি পৰা প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদে কংগ্ৰেছক উৎখাত কৰাৰ হুংকাৰ দিছিল। প্ৰাক্তন কংগ্ৰেছ নেতা গৰাকীয়ে কিছুদিন পূৰ্বে কংগ্ৰেছক ১১ টা সমষ্টিৰ পৰা সম্পূৰ্ণৰূপে উৎখাত কৰাৰ এক বিস্ফোৰক মন্তব্য দিছিল। দুলু আহমেদে বিধয়াক ৰেকিবুদ্দিন আহমেদৰ সমষ্টিৰ পৰা কংগ্রেছক আগন্তক ২০২১ চনৰ নিৰ্বাচনত উৎখাত কৰাৰ অভিযান আৰম্ভ কৰিছিল।