বাক্সা

১৩ নৱেম্বৰ

তামুলপুৰ থানাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত মেছগুৰীত অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত। অবৈধভাৱে চলি থকা অধাৰ কাৰ্ড কেন্দ্ৰটোৰ পৰা বহু অপত্তিজনক নথি-পত্ৰ জব্দ কৰাৰ লগতে আটক কৰা হৈছে এজন লোকক। আটকাধীন লোক জন অচিত সেন বুলি জানিব পৰা গৈছে ৷

এক গোপন সূত্ৰৰ পম খেদি তামুলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰূপকমল ৰাভা আৰু কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলভজ্যোতি নাথৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অভিযান চলাই মেছগুৰীত প্ৰশাসনৰ চকুত ধূলি দি অবৈধভাৱে আধাৰ কাৰ্ডৰ কাম চলাই থকাৰ সময়তে অভিযানকাৰী দলটো উপস্থিত হৈ হাতে -লোটে ধৰা পেলায়। আধাৰ কাৰ্ড কেন্দ্ৰটোত গোপনে কাম কাজ চলি থকা প্ৰত্যক্ষ কৰি লগে চক্ৰ বিষয়া আৰু আৰক্ষী বিষয়া গৰাকীয়ে অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰটোৰ সকলো নথিপত্ৰ পৰীক্ষা -নিৰীক্ষা কৰাৰ লগতে কেন্দ্ৰটোৰ কম্পিউটাৰ, লেপটপ, প্ৰিন্টাৰ, স্কেনাৰ মেছিনসহ এটি আধাৰ কাৰ্ড কেন্দ্ৰ চলিবলৈ যি যি সামগ্ৰীৰ প্ৰয়োজন সকলোখিনি সামগ্ৰী জব্দ কৰি কুমাৰীকাটা আৰক্ষী চকীত সামগ্ৰীখিনি চমজাই দিয়ে৷ আৰক্ষীৰ অভিযানৰ খবৰ পাই অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰটোৰ কম্পিউটাৰ অপাৰেটৰ ধনপতি দাস কৌশলেৰে কেন্দ্ৰটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্যাহত আছে৷ আধাৰ কাৰ্ড কেন্দ্ৰ স্থাপন কৰিবলৈ হ’লে জিলা প্ৰশাসনৰ অনুমতিৰ প্ৰয়োজন কিন্ত সকলো চৰকাৰী নীতি নিয়ম উলংঘা কৰি মেছগুৰিৰ অচিত সেনৰ নামৰ লোকজনৰ ঘৰত কেবামাহ ধৰি অবৈধ ভাৱে আধাৰ কাৰ্ডৰ কেন্দ্ৰটো চলি আহিছিল৷ আধাৰ কাৰ্ড কেন্দ্ৰ সমূহ চৰকাৰী প্ৰশাসনৰ দ্বাৰা অনুমোদিত হ’ব লাগে আৰু চৰকাৰী বিভাগৰ কাৰ্যলয় চৌহদত কেন্দ্ৰৰ কাম কাজ চলাই নিয়াটো বাধ্যতামূলক কিন্ত এই সকলো নীতি-নিয়ম ধোৱাচাঙত তুলি প্ৰশাসনৰ চকুত ধুলি দি অবৈধভাৱে আধাৰ কাৰ্ড কেন্দ্ৰটো চলি আহিছিল৷

প্ৰশাসনে জানিবলৈ দিয়া মতে বাক্সা জিলাৰ তামুলপুৰত বিভাগীয় কতৃপক্ষই এঘাৰটা আাধাৰ কাৰ্ড কেন্দ্ৰ স্থাপন কৰি আধাৰ কাৰ্ডৰ কাম কাজ চলাই আহিছে৷ এঘাৰটা আধাৰ কাৰ্ড কেন্দ্ৰৰ বাহিৰে তামুলপুৰ ৰাজহ চক্ৰত কোনো বৈধ আধাৰ কেন্দ্ৰ স্থাপন কৰা হোৱা নাই বুলি চক্ৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে। তামুলপুৰ থানাৰ কুমাৰীকাটা আৰক্ষী চকীৰ অন্তৰ্গত মেছগুৰীত অবৈধ আধাৰ কাৰ্ড কেন্দ্ৰটোৰ লগত জড়িত অচিত সেনৰ নামৰ লোকজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।