আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১২ নৱেম্বৰ

বুধবাৰে শিৱসাগৰত আটাছুৰ উত্তাল প্ৰৰিবাদ। আটাছুৰ শতাধিক কৰ্মকর্তাই শিৱসাগৰ জিলা প্ৰশাসনৰ ভূমিকাত ক্ষোভিত হৈ ওলাই আহিল প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। শিৱসাগৰ জিলা প্ৰশাসনক আটাছুৰ হুংকাৰে বাধ্য কৰিলে বেদখলকাৰীক উচ্ছেদ কৰিবলৈ।

ঐতিহাসিক তলাতল ঘৰত বেদখলকাৰীক উচ্ছেদ কৰিলে শিৱসাগৰ জিলা প্ৰশাসনে।তলাতল ঘৰৰ চাৰিসীমাৰ ভিতৰত বেদখল বৃহস্পতিবাৰে শিৱসাগৰ জিলা প্ৰশাসনে উচ্ছেদ কৰিলে। উল্লেখ্য যে বুধবাৰে ঐতিহাসিক তলাতল ঘৰৰ চৌহদত গৰু ছাগলীৰ মুক্ত বিচৰণ হোৱাৰ লগতে পুৰাতত্ব বিভাগৰ অধীনত থকা তলাতল ঘৰৰ চৌহদ উচ্ছেদ চলোৱাৰ দাবী উত্থাপন কৰি আটাছুৱে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছিল। আটাছুৰ দাবীৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে পুৱাৰ পৰা শিৱসাগৰ জিলা উপায়ুক্তৰ উপস্থিতিত আৰক্ষীৰ সহযোগিতাত তলাতল ঘৰৰ ভূমিত বেদখল কৰি থকা প্ৰায় ৩০ খন দোকান আৰু তিনিটা ঘৰ উচ্ছেদ কৰে শিৱসাগৰ জিলা প্ৰশাসনে। ঐতিহাসিক তলাতল ঘৰৰ চৌহদত ব্যাপক বেদখল চলাই তলাতল ঘৰৰ সৌন্দৰ্য্য নাশ কৰি একাংশ দুষ্ট চক্ৰই শাৰী শাৰী কৈ গৃহ নিৰ্মাণ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল শিৱসাগৰত৷ তলাতল ঘৰৰ পুৰাতত্ব বিভাগৰ অধীনস্ত সংৰক্ষিত ভূমিত গৃহ নিৰ্মাণ কৰা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছিল আটাছুl আটাছুয়ে তাৎক্ষণিকভাৱে এই গৃহ নিৰ্মাণ কাৰ্য উচ্ছেদ কাৰিবলৈ প্ৰশাসনক দাবী জনাইছিল৷ দুৰ্ভাগ্যজনকভাৱে তলাতল ঘৰৰ চৌহদত ব্যাপক ৰূপত গৃহ নিৰ্মাণ, গাহৰি ফাৰ্ম, জাৰ্চী গৰুৰ ফাৰ্ম খোলাৰ ঘটনাই সচেতন ৰাইজক ক্ষুন্ন কৰি তুলিছিল৷

শিৱসাগৰ জিলা প্ৰশাসন তথা পুৰাতত্ব বিভাগে অতি শীঘ্ৰে তলাতল ঘৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ আটাছুৱে প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনাইছিল। শিৱসাগৰ জিলা প্ৰশাসনে তলাতল ঘৰৰ ভূমি বেদখলমুক্ত নকৰিলে আটাছুৱে নিজাববীয়াকৈ ব্যৱস্থা ল’ব বুলিও হুংকাৰ দিছিল।