মুস্তাক আহমেদ

জুৰীয়া

১৩ নৱেম্বৰ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা এআইইউডিএফ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি মৌলানা আব্দুল কাদিৰৰ। মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বদৰউদ্দিন আজমলক ঠেঙা দেখুৱাইছে। আমি কিন্তু ভদ্ৰ আলোচনা কৰি ভাল পাওঁ বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিলে মৌলানা আব্দুল কাদিৰে। এআইইউডিএফৰ নিৰ্বাচনী সভাত দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে এআইইউডিএফত যোগদান।

এআইইউডিএফ দলৰ প্ৰধান বদৰুদ্দিন আজমলক ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঠেঙা দেখুৱাই আক্ৰমণ কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে এআইইউডিএফ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি মৌলানা আব্দুল কাদিৰে। প্ৰভাৱশালী মন্ত্ৰী গৰাকীক সমালোচনা কৰি এআইইউডিএফ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি মৌলানা আব্দুল কাদিৰে কয় যে হিমন্ত বিশ্ব শৰ্মা এজন দক্ষ মন্ত্ৰী আছিল কিন্তু আজি কালি তেওঁ আজিজ খানক পাকিস্তান বুলি শুনা পায়। কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মাজত ২০২১ বর্ষৰ নিৰ্বাচনকলৈ মিত্ৰতাৰ কথা চলি থকাৰ প্ৰভাৱ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্ৰতাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতিভ্ৰম ঘটিছে যেন অনুমান হৈছে বুলিও মন্তব্য কৰে এআইইউডিএফ দলৰ কেন্দ্ৰীয় কমিটিৰ উপ-সভাপতি গৰাকীয়ে। নগাঁও জিলাৰ ৰূপহীহাটত এআইইউডিএফ দলৰ নিৰ্বাচনী সভাত উপস্থিত থাকি এআইইউডিএফ দলৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি মৌলানা আব্দুল কাদিৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

কেন্দ্ৰীয় কমিটিৰ উপ সভাপতিৰ লগতে নিৰ্বাচনী সভাত উপস্থিত থাকে জনীয়া সমষ্টিৰ বিধায়ক ৰফিকুল ইছলাম আৰু ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম। সভাত উপস্থিত থাকি দলটোৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰন সম্পাদক নুৰুল আমিন চৌধুৰীয়ে কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্ৰতা হ’লে ৰূপহীহাটত কোন দলে প্ৰাৰ্থীত্ব লাভ কৰিব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয় ৰূপহীহাটত যি দলে জিকাৰ সম্ভাৱনা অধিক সেই দলেই প্ৰাৰ্থিত্ব লাভ কৰিব বুলি জানিবলৈ দিয়ে। এআইইউডি এফৰ ৰূপহীহাট সমষ্টি সভাপতি মৌলানা মোবাৰক আলীয়ে সভাপতিত্ব কৰা সভাত দুই শতাধিক কংগ্ৰেছ কৰ্মীয়ে এআই ইউডিএফ দলত যোগদান কৰে।