কুন্দন ভৰালী

নগাঁও

১৮ ডিচেম্বৰ

অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। ৭১ গৰাকী সাক্ষীৰ ভিতৰত ৪২ গৰাকীৰ সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত। নিৰাশাৰ মাজত আশাৰ ৰেঙনি দেখিছে অভি-নীলৰ পৰিয়ালে।অভিযুক্তৰ ফাঁচীৰ দাবী।

দেশৰ লগতে সমগ্ৰ বিশ্ব কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া ধূসৰ হৈ পৰাৰ পিছত এতিয়া নিৰাশাৰ মাজতো আশাৰ ৰেঙনি দেখা পাইছে ভুক্তভোগী পৰিয়াল দুটাই। তৃতীয় পক্ষৰ হেঁচাত ঘটনাৰ চাক্ষুস সাক্ষীয়ে বাৰে বাৰে মত সলনি কৰি থকাৰ পিছত এতিয়া সলনি হৈ পৰিছে প্ৰেক্ষাপট। শুকুৰবাৰে নগাঁও আদালতত এই জঘন্য ঘটনাৰ তিনিগৰাকীকৈ সাক্ষীয়ে ঘটনাৰ হুবহু ৰূপ বৰ্ণনা কৰাৰ বাবে এতিয়া ন্যায় লাভ কৰিব বুলি আশাবাদী হৈ পৰিছে অভি-নীলৰ পৰিয়াল। এই ঘটনাৰ ৭১ গৰাকী সাক্ষীৰ ভিতৰত বৰ্তমানলৈকে ৪২ গৰাকী সাক্ষীৰ সাক্ষ্যদান প্ৰক্ৰিয়া সমাপ্ত হৈছে। এতিয়া শীঘ্ৰেই ন্যায় পাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে দুৰ্ভগীয়া পৰিয়াল দুটাই। অভি-নীলৰ পিতৃ গোপাল চন্দ্ৰ দাস আৰু অজিত নাথ আৰু স্মৃতি ৰক্ষা সমিতিয়ে এতিয়া অভিযুক্ত সকলৰ ফাঁচীৰ দাবী উত্থাপন কৰিছে।

উল্লেখ্য যে, ২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মত্ত লোকে সোপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰিছিল অভিজিৎ নাথ আৰু নীলোৎপল দাস নামৰ গুৱাহাটীৰ দুই যুৱকক। গণআক্ৰমণত অভি-নীলৰ মৃত্যুৰ খবৰ দেশৰ লগতে সমগ্ৰ বিশ্বতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল।