আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৭ ডিচেম্বৰ

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ শিৱসাগৰ অভিৱৰ্তনৰ সফল সামৰণি। প্ৰতিনিধি সভাৰ অন্তত অনুষ্ঠিত হোৱা মুকলি সভাত ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ পূৰ্ণাংগ বিষয়বাব তালিকা।

লুৰিণজ্যোতি গগৈ দলটোৰ সভাপতি হোৱাৰ লগতে সাধাৰণ সম্পাদক জগদীশ ভূঞা, কাৰ্যকৰী সভাপতি, প্ৰবীন্দ্ৰ ডেকাক লৈ ১১ গৰাকী সম্পাদক, ১১ গৰাকী যুটীয়া সম্পাদক, ১১ গৰাকী সাংগঠনিক সম্পাদক আৰু ১১ গৰাকী উপ-সভাপতিক লৈ গঠন হ’ল এ জে পিৰ ৰাজ্যিক সমিতি। হেমন্ত ফুকনে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত কেইবাটাও জাতি-জনগোষ্ঠীৰ বিষয়ববীয়াৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানত। দলটোৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক জগদীশ ভূঞাই উপঢৌকন, প্ৰলোভন পাবলৈ ৰাইজ ইয়ালৈ অহা নাই। জাতি ৰক্ষাৰ স্বাৰ্থত একগোট হৈ অসম জাতীয় পৰিষদক আগবঢ়াই নিবলৈহে ইয়াত একত্ৰিত হৈছে বুলি মন্তব্য কৰে।

আনহাতে দলটোৰ নৱ নিৰ্বাচিত সভাপতি লুৰিণজ্যোতি গগৈয়ে অসমৰ ৰাইজৰ আস্থা আৰু বিশ্বাস অসম জাতীয় পৰিষদৰ যাত্ৰা হ’ব বুলি মত প্ৰকাশ কৰাৰ লগতে বৰ্তমানৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে। শিৱসাগৰত অনুষ্ঠিত হোৱা প্ৰথমখন ৰাজ্যিক অভিৱৰ্তনত উন্মোচন হ’ল স্মৰণিকা “স্বাভিমান”।