হোজাই

১৮ ডিচেম্বৰ

হোজাইত আজমল ফাউণ্ডেশ্যনৰ কম্বল বিতৰণ কাৰ্যসুচী। আজমল ফাউণ্ডেশ্যনে হোজাই দেশবন্ধু বিদ্যাপীঠত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ৫০০ টা দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰে একোখনকৈ উন্নত মানৰ কম্বল৷

কম্বল বিতৰনী কাৰ্যসূচীত আজমল ফাউণ্ডেশ্যনৰ মুখ্য ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেশ্যনৰ বিষয়বৱীয়াসকল উপস্থিত থাকে।প্ৰচণ্ড শীতৰ সময়ত দৰিদ্ৰ লোকসকলক সামান্য সকাহ দিয়াৰ বাবে মৌলানা বদৰুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেশ্যনে গ্ৰহণ কৰিছে এই কাৰ্যসুচী৷

ইতিমধ্যে আজমল ফাউণ্ডেশ্যনে হোজাই জিলাৰ বিভিন্ন অঞ্চলত বিতৰন কৰিছে কেবাসহস্ৰাধিক কম্বল৷ আজমল ফাউণ্ডেশ্যনৰ এনে পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে৷