বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২০ মেঃ বঙাইগাঁও জিলাৰ মায়াপুৰীৰ লক্ষী মেডিকেল নামৰ ফৰ্মাচী এখনত বিগত কেইবামাহ ধৰি চিকিৎসা প্ৰদান কৰি অহা ডা° ডি ভট্টাচাৰ্য্য নামৰ এজন লোকক আক্ৰাছুৱে কৰায়ত্ত কৰি আৰক্ষীক গোটাই দিয়ে৷ কলকতাৰ এইজন ভূৱা চিকিৎসকে বিগত সময়ত বঙাইগাঁৱত থিতাপি লৈ চিকিৎসা সেৱা আগবঢ়াই আহিছিল৷ স্থানীয় কেইবাগৰাকী চিকিৎসক আৰু আক্ৰাছু সদস্যসকলে মিলি চিকিৎসকজনৰ ওপৰত সন্দেহ হোৱাত চিকিৎসকজনক ভাল দৰে সোধ পোছ কৰাত চিকিৎসকৰ কোনো প্ৰমাণ পত্ৰ প্ৰদৰ্শন কৰিবলৈ নোৱাৰাত লোকজনক আৰক্ষীক চমজাই দিয়া হয়৷ জানিব পৰা মতে লোকজনে একাধিক ডিগ্ৰী প্ৰদৰ্শন কৰিলেও ডিগ্ৰী সমূহ সম্পূৰ্ণ ভূৱা বুলি স্থানীয় চিকিৎসক আৰু ইণ্ডিয়ান মেডিকেল এচোচিয়েচনৰ বঙাইগাঁও শাখাৰ তৰফৰ পৰা জানিবলৈ দিয়ে৷ বঙাইগাঁও চহৰৰ মাজ মজিয়াত এইদৰে ভূৱা চিকিৎসক কৰায়ত্ত হোৱাৰ পিছত চহৰখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।