বঙাইগাঁও, সংবাদ ৩৬৫, ২০ মেঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীত শনিবাৰে মাজনিশা হঠাৎ এখন ট্ৰাক জ্বলি উঠাত ৰাইজ আতংকিত হৈ পৰে। নিশা প্ৰায় ১২ বজাত অভয়াপুৰী বজাৰত এজন ট্ৰাকত অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে। এএছ-০১-ইচি-১৪৩৭ নম্বৰৰ ট্ৰাক খনত বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে। উল্লেখ্য যে, অগ্নি নিৰ্বাপক বাহিনীয়ে সঠিক সময়ত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাৰ ফলত অঞ্চলটো বিস্তৰ ক্ষতিৰ পৰা ৰক্ষা পৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।