কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২০ মেঃ চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰা বীজৰ বিধান ৰুই ৰাম টাঙোন খাব লগা হৈছে কৃষক। অসম চৰকাৰৰ কৃষি বিভাগে বিনামূলীয়াকৈ যোগান ধৰাৰ চিএইচআৰ ১৫ নামৰ ধানৰ বিধান ৰুই মূৰে কপালে হাত দিব লগীয়া হৈছে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ কাদংৰ মহম্মদপুৰৰ কৃষক সকল। কৃষি বিভাগে বিনামূলীয়াকৈ যোগান ধৰাৰ চিএইচআৰ ১৫ নামৰ ধানৰ পৰা সময় উকলি যোৱাৰ পিছতো ধানৰ সিচ নোলোৱাত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ কৃষক সকল। বিগত সময়ত চৰকাৰী স্বীকৃতি প্ৰাপ্ত ধানৰ বিধান ৰুই ধান চপোৱাৰ সময়ত ধানৰ পৰিবৰ্তে পতান ওলোৱাৰ পিছত মহম্মদপুৰৰ নিয়াত আলী নামৰ কৃষকজনে পুনৰ চৰকাৰে যোগান ধৰা বীজৰ ধানৰ বিধানেৰে চাৰি বিঘা মাটিত খেতি কৰি ধান নাপাই আত্মহত্যা কৰিবলগা অৱস্থা হোৱা বুলি জানিব দিয়ে কৃষক গৰাকীয়ে। এই ক্ষেত্ৰত কৃষি বিভাগে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰাৰ লগতে খেতিয়ক গৰাকীয়ে ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে। নিখিল ভাৰত কৃষক সভাই দাবী উত্থাপন কৰি কয় যে, চৰকাৰে যোগান ধৰা বিধানত পশ্চিম বৰপেটাৰ ২০ খন গাঁৱৰ কৃষকৰ ইৰি ধান খেতিত সিচ ওলোৱা নাই গতিকে যি বিষয়া বা ঠিকাদাৰে এই ধানৰ বিধান যোগান ধৰিছে তেওঁৰ বিৰুদ্ধে শাস্তিৰ ব্যৱস্থা কৰি কৃষকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী উত্থাপন কৰে।