বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত খগৰপুৰ বজাৰৰ সমীপৰ পৰা তুলুঙিয়াস্থিত সেনাবাহিনীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এজন মালটা সদস্য কৰায়ত্ব কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ধৃত মালটা সদস্যজন ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত বাল্টিখোৱা গাঁৱৰ মজিবৰ ৰহমানৰ পুত্ৰ ছাইবুদ্দিন বুলি জানিব পৰা গৈছে। আটকাধীন মালটা সদস্য জনৰ পৰা সেনাবাহিনীয়ে এটা হস্ত নিৰ্মিত পিষ্টল আৰু গুলী উদ্ধাৰ কৰে। মালটা জনক সোধ পোছৰ অন্তত সেনাবাহিনীয়ে উত্তৰ শালমাৰা আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে বৰ্তমান মালটা সদস্য জনক জেৰা অব্যাহত ৰাখিছে।