নাজিৰা, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে নাজিৰাৰ ৰহদৈ পুখুৰীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, শিৱসাগৰৰ জৰিয়তে ৰূপায়িত “গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি (ৰাৱেপ)ৰ অংশ হিচাপে অহা ১০ এপ্ৰিলত নাজিৰাৰ বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত এখনি কৃষি প্ৰদৰ্শনী অনুস্থিত কৰিবলৈ লৈছে। প্ৰদৰ্শনী খনৰ উদ্বোধনি অনুস্থানত অসম কৃষি বিশ্ব বিদ্যালয়ৰ বিজ্ঞানগুৰু ড° দ্বীপ্তি কুমাৰ বৰা, কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বৈজ্ঞানিক ড° ফুলেশ্বৰ নাথ তথা বিশ্ব বিদ্যালয়ৰ কেইবাজনো অধ্যাপকৰ লগতে শিৱসাগৰ তথা নাজিৰাৰ কেইবাজনো উচ্চ পদস্ত বিষয়া আৰু স্থানীয় বিশিষ্ট নাগৰিক উপস্থিত থাকিব। ‘ৰাৱেপ’ৰ শিক্ষাৰ্থী সকলে সকলো ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে।