ধুবুৰী, সংবাদ ৩৬৫, ৬ এপ্ৰিলঃ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিদিনেই সংঘটিত হ’বলৈ ধৰিছে জঘন্য ধৰ্ষণৰ ঘটনা। এইবাৰ ধুবুৰীৰ এএম কোম্পানী ৰোড আৰক্ষী চকী অন্তৰ্গত অয়ৰাণ জংলা গাঁৱত সংঘটিত হৈছে জঘন্য ধর্ষণকাণ্ড। এইগৰাকী তিনি বছৰীয়া শিশুক আকবৰ আলী নামৰ এজন ষাঠিৰ বছৰীয়া বৃদ্ধই ধৰ্ষণৰ চেষ্টা কৰে। উল্লেখ্য যে, লম্পট আকবৰ ঘৰৰ সন্মুখতেই খেলি থকা কণমানি শিশুটিক আইচক্ৰীম দিয়াৰ প্ৰলোভন দেখুৱাই ঘৰৰ ভিতৰত আকবৰ আলী নামৰ বৃদ্ধজনে ধৰ্ষণৰ চেষ্টা কৰে যদিও ওচৰ চুবুৰীয়া একাংশ লোকে শিশুটিৰ চিঞৰ শুনি শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আকবৰ আলীক উত্তেজিত ৰাইজে উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা শিশুটিক উদ্ধাৰ কৰি ধুবুৰী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই জঘন্য ঘটনা সংঘটিত হোৱাৰ পিছতেই উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে আমছুৰ কৰ্মকৰ্তা। সকলোৱে ধৰ্ষণ কাৰীক ফাঁচীৰ দাবী উত্থাপন কৰিছে।