গুৱাহাটী, সংবাদ ৩৬৫, ২০ মেঃ মহানাগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হোৱা নেডা’ৰ তৃতীয় বাৰ্ষিক অধিৱেশনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সন্মুখতে ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ মন্ত্ৰী তথা অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবই লাগিব বুলি হুংকাৰ প্ৰদান কৰে। মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰাই নিজৰ ভাষণত কয় যে অসমীয়া জাতিৰ আৱেগজড়িত হৈ থকা অসম চুক্তিৰ আধাৰতে বিদেশী চিনাক্তকৰণ হ’ব লাগে। নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমীয়া জাতিৰ অস্তিত্বৰ বাবে ভাবুকি স্বৰূপ গতিকে এই বিধেয়ক বাতিল কৰিবই লাগিব। অসমৰ বাবে সাংবিধানিক ৰক্ষাকবচ দাবী কৰি অগপ সভাপতিজনে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসম চুক্তিলৈ ভাবুকি আনিছে। অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা সামাধান কৰৰো দাবী জনায় অতুল বৰাই।