ৰঙিয়া, সংবাদ ৩৬৫, ২০ মেঃ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। বিভাগৰটোৰ বিভিন্ন পদৰ বাবে অনুষ্ঠিত হোৱা পৰীক্ষাত প্ৰশ্নকাকতৰ নাটনিক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰীক্ষাৰ্থী সকলে কৰা অভিযোগ মতে পৰীক্ষা কেন্দ্ৰটোত ৬০০ পৰীক্ষাৰ্থীৰ পৰীক্ষা দিবলৈ আহে যিদিও কেন্দ্ৰটোত ২৪৯ খনপ্ৰশ্ন কাকতৰ নাটনিৰ হোৱাত প্ৰায় এক ঘণ্টা পিছত পৰীক্ষা কেন্দ্ৰত পুনৰ প্ৰশ্নকাকত আহি পোৱাত পৰীক্ষাৰ্থী সকল ক্ষোভিত হৈ পৰীক্ষা বাতিলৰ দাবীত পৰীক্ষা বৰ্জন কৰে। পৰীক্ষা বৰ্জন কৰি পৰীক্ষা কেন্দ্ৰটোৰ বাহিৰত শতাধিক পৰিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু দণ্ডাধীশ উপস্থিত হোৱাত একাংশ পৰীক্ষাৰ্থীয়ে প্ৰশ্নকাকতৰ ফাদিলৰ হোৱাৰ অভিযোগ উথাপিত কৰে। প্ৰশাসনে পিছত দুঘন্টা পলমকৈ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াত পৰীক্ষাৰ্থীৰ সকলে ইয়াৰ তীব্র বিৰোধিতা কৰে। এটা সময়ত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষী আৰু পৰীক্ষাৰ্থীৰ মাজত হতাহতি সৃষ্টি হোৱাত আৰক্ষীয়ে লাঠিচাৰ্জ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। ঘটনাস্থলীত কামৰূপ জিলা উপায়ুক্ত উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি জিলা প্ৰশাসনৰ নিৰ্দেশত প্ৰায় দুঘন্টা ঘন্টা, ৪৫ মিনিট পিছত পৰীক্ষাৰ অনুষ্ঠিত কৰে যদিও একাংশ পৰীক্ষাৰ্থীয়ে পৰীক্ষা বৰ্জন কৰি প্ৰতিবাদ অব্যহত ৰাখে। ইফালে পৰীক্ষাৰ্থীয়ে এই পৰীক্ষা বৰ্জন কৰাত পঞ্চায়তৰ আৰু গ্ৰামন্নয়ন বিভাগৰ পৰীক্ষা ব্যৱস্থাটোক লৈ প্ৰশ্ন উত্থাপন হৈছে। ব্লু ইলেক্ট্ৰনিক প্ৰাইভেট লিমিটেড নামৰ এটা বেচৰকাৰী সন্থাই এই পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্বত আছিল যদিও বেচৰকাৰী সন্থাটোৰ চুড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে এনেধৰণৰ খেলিমেলি হোৱা বুলি অভিযোগ উত্থাপন হৈছে।