গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল : অসমত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। মঙলবাৰে ১ জনৰ পৰা বুধবাৰে ৫ জনলৈ বৃদ্ধি পালে ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলত ঘোষণা কৰিলে ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বুলি।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতত আতংকত সৃষ্টি কৰা কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকত পৰা অসম ৰক্ষা পৰি আছিল যদিও মঙলবাৰে ৰাজ্যত ধৰা পৰে প্ৰথমজন কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোক। কৰিমগঞ্জ জিলাত এজন ৫২ বছৰীয়া লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত বুধবাৰে আক্রান্ত সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে এই কথা নিশ্চিত কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত তেজৰ নমুনা পৰীক্ষা কৰাৰ পিছত বুধবাৰে নতুনকৈ ৪ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। নতুনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত চাৰিও জন লোক নতুন দিল্লীত তবলিগ জামাতত অংশগ্ৰহণ কৰিছিল।

কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত অসমৰ আটাইকেইজন লোকৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমানলৈকে সুস্থিৰ বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দিল্লীত তবলিগ জামাতত অংশগ্ৰহণ কৰা কেইবাজনো লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। বুধবাৰে নিশালৈকে অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলিও জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে।