গুৱাহাটী, সংবাদ ৩৬৫, ১ এপ্ৰিল: সমগ্ৰ বিশ্ব তথা ভাৰতৰ লগতে এতিয়া অসমৰ প্রান্তে প্রান্তে বিয়পিবলৈ ধৰিছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। দুদিনৰ ভিতৰত ৰাজ্যত ১৩ জনকৈ লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ

ইমান দিনে কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰি থকা অসমত এতিয়া দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা। বুধবাৰে দিনৰ ভাগত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পোৱা বুলি ঘোষণা কৰাৰ পিছতে নিশাৰ ভাগত মন্ত্ৰী গৰাকীয়ে এক টুইটযোগে প্ৰকাশ কৰে যে ৫ ৰ পৰা ১৩ লৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। সমগ্ৰ ভাৰততে কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস বিয়পি থকাৰ সময়তে অসম কিছু সম্পূৰ্ণ সংকটমুক্ত আছিল যদিও মঙলবাৰে ৰাজ্যৰ কৰিমগঞ্জ জিলাত ধৰা পৰে প্ৰথমজন কভিড-১৯ কৰ’ণা ভাইৰাছ আক্ৰান্ত এজন ৫২ বছৰীয়া লোক। বুধবাৰে দিনৰ ভাগত হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি হোৱা বুলি ঘোষণা কৰাৰ পিছতে নিশাৰ ভাগত আৰু ৮ জনকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পাৰত ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে।

যোৰহাট মেডিকেল কলেজৰ পৰীক্ষাগাৰত হোৱা পৰীক্ষাৰ অন্তত ৰাজ্যত নতুনকৈ ৮ জন লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছ। উল্লেখ্য যে, কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা ১৩ জন লোক তবলিগ জামাতত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈছিল। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত সংবাদমেলত ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও ইংগিত দিছিল।