কৰিমগঞ্জ, সংবাদ ৩৬৫, ৩১ মাৰ্চ : সমগ্ৰ বিশ্বতে সন্ত্ৰাস চলাই থকা কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা নপৰিল অসম। অৱশেষত মঙলবাৰে অসমত ধৰা পৰিল প্ৰথমটো কৰ’ণা ভাইৰাছ আক্রান্ত লোক। কৰিমগঞ্জ জিলাত ধৰা পৰিছে অসমৰ প্ৰথমজন কৰ’ণা ভছিৰাছ আক্রান্ত লোক।

ভাৰতৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাত উত্তৰ পূৰ্বাঞ্চল মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা কিছু ৰক্ষা পৰি আছিল যদিও মণিপুৰ আৰু মিজোৰামৰ পিছত এইবাৰ অসমত ধৰা পৰিল কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোক। মঙলবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে ৰাজ্যৰ প্ৰথটো কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত লোকৰ বিষয়ে নিশ্চিত কৰে। মন্ত্ৰী গৰাকীয়ে নিজৰ টুইটত কৰিমগঞ্জ জিলাৰ ৫২ বছৰীয়ে এজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ থকা বুলি ঘোষণা কৰে। আক্রান্ত লোকজন কিদুমান পূৰ্বে দিল্লীৰ পৰা ৰাজ্যলৈ আহিছিল। দিল্লীৰ পৰা ৰাজ্যলৈ অহাৰ পিছত লোকজন জ্বৰত আক্রান্ত হৈছিল আৰু যোৱা ১৮ মাৰ্চ তাৰিকে লোকজনৰ তেজৰ নমুনা পৰীক্ষা কৰিবলৈ মহাৰাষ্ট্ৰৰ পুনলৈ প্ৰেৰণ কৰা হৈছিল। তেজৰ নমুনা পৰীক্ষা কৰাৰ পিছত লোকজন কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত বুলি নিশ্চিত হৈছে। বৰ্তমান কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকজনক শিলচৰ মেডিকেল কলেজ হাস্পতালত আছুতীয়া কক্ষত ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে।

কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকজনৰ ঘৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ হাচানপুৰ গাঁৱত বুলি জানিব পৰা গৈছে। আক্রান্ত লোকজন পূৰ্বৰে পৰা কৰ্কট আৰু বহুমূত্ৰ ৰোগ ভুগি থকা বুলিও জানিব পৰা গৈছে।