গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ : অসমলৈ ফুৰিব অহা আমেৰিকাৰ এগৰাকী পৰ্যটকৰ শৰীৰত ধৰা পৰিছে কাৰণা ভাইৰাছ। অসমৰ পৰা ভুটানলৈ যোৱা পৰ্যটক গৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে ভুটানত। অসমত ৭ দিন আছিল পৰ্যটক গৰাকী।

আমেৰিকা পৰা ভাৰতলৈ ফুৰিব অহা এগৰাকী ৭৬ বছৰীয়া পৰ্যটকৰ শৰীৰত ধৰা পৰিছে কাৰণা ভাইৰাছ। ফেব্ৰুৱাৰী মাহত ভাৰতলৈ অহা পৰ্যটক গৰাকী ৭ দিন অতিবাহিত কৰিছিল অসমত। অসমত ব্ৰহ্মপুত্ৰৰ নদীত বিলাসী জাহাজত যাত্ৰা কৰিছিল কাৰণা ভাইৰাছত আক্রান্ত হোৱা পৰ্যটক গৰাকী। অসমৰ বিভিন্ন পৰ্যটনস্থলীৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিছিল আমেৰিকাৰ পৰ্যটক গৰাকী। অসমৰ পৰা কিছুদিন পূৰ্বে ভুটানলৈ ফুৰিব যোৱা পৰ্যটক গৰাকী যোৱা ২ মাৰ্চত ভুটানৰ ৰাজধানী থিম্ফুত অসুস্থ হৈ পৰাত পৰ্যটক গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। থিম্ফুৰ চিকিৎসালয়ত চিকিৎসকে পৰ্যটক গৰাকী কাৰণা ভাইৰাছত আক্রান্ত বুলি স্পষ্ট কৰে। কাৰণা ভাইৰাছত আক্রান্ত আমেৰিকাৰ পৰ্যটক গৰাকীৰ লগত তেওঁৰ পত্নীও ভাৰত ভ্ৰমণলৈ আহিছে। বৰ্তমানত পৰ্যটক গৰাকীৰ পত্নীও তেওঁৰ লগত ভুটানত আছে।

শুকুৰবাৰে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত বাজেট দাখিলৰ পিছত জানিবলৈ দিয়ে যে অসমত ফুৰিবলৈ অহা পৰ্যটক এগৰাকীৰ শৰীৰত কৰণা ভাইৰাছ থকাৰ খবৰ পোৱা গৈছে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে বৰ্তমান পৰ্যটক গৰাকী ভুটানত আছে যদিও অসমত থকা সময়ত পৰ্যটক গৰাকী সংস্পৰ্শলৈ বহু লোক অহাটো স্বাভাৱিক। পৰ্যটক গৰাকী বিলাসী জাহাজেৰে যাত্ৰা কৰিছিল অসমৰ বিভিন্ন ঠাইলৈ গৈছিল গতিকে বিলাসী জাহাজখনত পৰ্যটক গৰাকীৰ সংস্পৰ্শলৈ কিমান ব্যক্তি সেইসকল ব্যক্তিৰ চিনাক্ত কৰাটো অতিকৈ প্ৰয়োজন।

পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে কৰণা ভাইৰাছ সংক্ৰান্তত কেন্দ্ৰ চৰকাৰৰ নিৰ্দেশ অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।