গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ: শুকুৰবাৰে ৰাজ্যৰ বৃত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত সোণোৱাল চৰকাৰৰ প্ৰথমটো কার্যলাকৰ অন্তিমখন বাজেট দাখিল কৰে। গাত চেলেং চাদৰ আৰু মূৰত পাগ মাৰি বাজেট দাখিল কৰে বৃত্তমন্ত্ৰী গৰাকীয়ে।

ঈশ্বৰৰ আশীষ লৈ বাজেট পাঠ আৰম্ভ কৰা বৃত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই একেহাৰে ৫ খনকৈ বাজেট দাখিল কৰে। আনহাতে বিত্ত বিভাগৰ ৱেবচাইটত বাজেটৰ উপলব্ধ প্ৰসংগত এক বিতৰ্কিত পৰিস্থিতিৰ সৃষ্টি হয় সদনত। বৃত্তমন্ত্ৰী গৰাকীয়ে সদনত বাজেট পাঠ কৰি থকা সময়তে সদন ত্যাগ কৰে কংগ্ৰেছৰ বিধায়ক সকল। ৱেবচাইটত লিক হোৱা বাজেট সদনত পাঠ কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছী বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ইয়াৰ উপৰিও লিক হোৱা বাজেটখন সদনত কিয় উত্থাপন কৰিব লাগে বুলিও প্ৰশ্ন উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। পুৱাই বাজেট ৱেবছাইটত দিয়া হৈছে, এনে ঘটনা পূৰ্বে কেতিয়াও হোৱা নাই। এয়া দুৰ্ভাগ্যজনক আৰু সদনৰ আমাননা বুলিও ক্ষোভ প্ৰকাশ কৰে বিৰোধী দলপতি গৰাকীয়ে।

আনহাতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বাজেট ৱেবছাইটত প্ৰকাশ পোৱা সন্দৰ্ভত কয়, মই ১৫ বছৰ শাসনত আছিলোঁ, কেতিয়াও এটা পৃষ্ঠাও ওলোৱা নাই। বৃত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজিও সদনত মিছা কথা কৈ আছে। এইখন ফুলজাৰি মাৰা চৰকাৰ। ২০২১ যদি বিজেপি পৰাজিত নহয় তেন্তে মই ৰাজনীতি ত্যাগ কৰিম বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।