হাটশিঙিমাৰী, সংবাদ ৩৬৫, ২৭ মাৰ্চ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ কালাপানীত মঙলবাৰে কালাপানী আঞ্চলিক আমছুৱে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি মদ, তীৰ, জুৱা, বাল্য বিবাহ বন্ধ কৰাব দাবীত প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। জিলাখনৰ আমছুৰ সদস্য সকলে চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে শ্লগান দি ৰাজপথ উত্তাল কৰি তোলাৰ লগতে কালাপানী মানকাচৰ পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ কৰে। আমছুৰ দাবী জিলাখনৰ ইমুৰৰ পৰা সিমূৰলৈ প্ৰায় প্ৰতিটো স্থানত বিশেষকৈ নৱ প্ৰজন্মৰ মাজত তীৰ, মদ, জুৱা প্ৰচলন বৃদ্ধি পোৱাৰ লগতে জিলাখনৰ একাংশ স্থানত এতিয়াও বাল্য বিবাহ প্ৰথা চলি থকা পৰিলক্ষিত হৈছে। আমছুৱে জিলাখনত বাল্য বিবাহ প্ৰথা বন্ধ কৰাৰ লগতে তীৰ, জুৱা, মদৰ প্ৰচলন বন্ধ কৰাৰ দাবীত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। আমছুৱে এইদৰে প্ৰতিবাদ কৰি থকা অৱস্থাত জিলা প্ৰশাসনৰ ফালৰ পৰা সহকাৰী আয়ুক্ত মঞ্জুৰ এলাহি লস্কৰ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।