গুৱাহাটী, সংবাদ ৩৬৫, ২৫ জানুৱাৰী : বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মন্ত্ৰী হিমন্তৰ । সেই অনুসৰি ৪০ দিনৰ ভিতৰতে ৬ হাজাৰ নতুন পদৰ বিজ্ঞাপন প্ৰাথমিক বিদ্যালয়ত প্ৰকাশ হ’ব।

ঠিকাভিত্তিক হাইস্কুল শিক্ষককে পাব পহিলা মাৰ্চৰ পৰা স্কেলত দৰমহা ।

প্ৰাদেশিকিকৰণ কৰা হ’ব ৩০ খন মহাবিদ্যালয়। ইয়াৰোপৰি ৬০০ খন হাইস্কুল আৰু ৩৩১৩ খন প্ৰাথমিক বিদ্যালয় প্ৰাদেশিকিকৰণ কৰা হ’ব।

পহিলা এপ্ৰিলত পৰা ৩২,০০০ টেট ঠিকাভিত্তিত শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ’ব ।

ইফালে অসমীয়া ভাষা নাজানিলে নাপাব চৰকাৰী চাকৰি। অসমীয়া ভাষা কোৱাৰ লগতে লিখিবও জানিব লাগিব। আই এ এছ আৰু আই পি এছ বিষয়াইও জানিব লাগিব অসমীয়া ভাষা। সংবাদমেলত এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মন্ত্ৰী হিমন্তই ।