নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ জানুৱাৰী : এতিয়াৰে পৰা এছ বি আইৰ গ্ৰাহকসকলে অনলাইন শ্বপিংৰ বাবে লগত ডেবিট কাৰ্ড ৰখাৰ প্ৰয়োজনীয়তা নাথাকিব।কাৰণ নিজৰ গ্ৰাহকসকলৰ বাবে ভাৰ্চুৱেল কাৰ্ডৰ ব্যৱস্থা কৰিছে ভাৰতীয় ষ্টেট বেংকে ।

এই কাৰ্ডৰ সহায়ত গ্ৰাহকসকলে এতিয়া নিজৰ একাউণ্টৰ সবিশেষ গোপনে ৰাখিব পাৰিব যাৰ ফলত কোনো ধৰণৰ প্ৰতাৰণাৰ বলি হোৱাৰ সম্ভাৱনা নাথাকিব।

উল্লেখযোগ্য যে এই কাৰ্ডৰ বৈধতা থাকিব ৪৮ ঘণ্টা পৰ্যন্ত। নেট বেংকিঙৰ জৰিয়তে পেমেন্ট কৰিব পাৰিব গ্ৰাহকে।

কাৰ্ডখনৰ জৰিয়তে লেনদেন কৰিবলৈ হ’লে একাউন্টত থাকিব লাগিব নূন্যতম ১০০ টকা আৰু সৰ্বাধিক ৫০,০০০ টকা।