গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : সমগ্র বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ আৰু অসমত যদি কোনো ব্যক্তি এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে আক্রান্ত ব্যক্তিক উন্নত চিকিৎসাৰ বাবে অসম চৰকাৰে জৰুৰী ভিত্তিত গঠন কৰা ‘অসম আৰোগ্য নিধি’ৰ পুঁজিলৈ গুৱাহাটীৰ আমবাৰীস্থিত বুঢ়া জামে মছজিদ কমিটিৰ ফালৰ পৰা এক লাখ টকাৰ পুঁজি চেক যোগে আগবঢ়োৱা হৈছে।

যোৱা ২৯ মাৰ্চত মছজিদ কমিটিৰ সভাপতি তথা ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, সাধাৰণ সম্পাদক নিজামুল হক, কাৰ্যকৰী কমিটিৰ সদস্য ক্ৰমে চাজিদ আহমেদ, মজিবুৰ ৰহমান আৰু ফাইজুল হকক লৈ গঠিত পাঁচজনীয়া প্ৰতিনিধি দলে গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ ৰাষ্ট্রীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি আৰোগ্য নিধিৰ পুঁজিলৈ এক লাখ টকাৰ চেক মন্ত্ৰী গৰাকীৰ হাতত অৰ্পণ কৰে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰ’ণা ভাইৰাছে সমগ্ৰ মানৱজাতিৰ লগতে দেশ তথা ৰাজ্যখনলৈ কঢ়িয়াই অনা মহা সংকটৰ সময়ত গুৱাহাটীৰ ঐতিহ্যমণ্ডিত মছজিদটোৰ কৰ্মকৰ্তাসকলৰ উদ্যোগৰ শলাগ লয় আৰু মানৱীয় দায়িত্ব পালনত মছজিদ কমিটিৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে। প্ৰতিনিধি দলটোৱেও কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সকলো পদক্ষেপৰ প্ৰতি মছজিদ কমিটিয়ে পাৰ্যমানে সহায় আৰু পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কয়। মছজিদ কমিটিয়ে প্ৰকাশ কৰা এটা বিবৃতিত দেশ তথা ৰাজ্যবাসীয়ে সন্মুখীন হোৱা এই দুৰ্যোগৰ মুহূৰ্তত ৰোগ প্ৰতিৰোধৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা, আই চি এম আৰ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগকে ধৰি দ্বায়িত্বশীল অনুষ্ঠানসমূহৰ পৰামৰ্শ আৰু চৰকাৰী নিয়ম-নীতি নিষ্ঠাৰে পালন কৰাৰ বাবে সংশ্লিষ্ট সকলো পক্ষৰ প্ৰতি আহ্বান জনায়।

অসম আৰোগ্য নিধিৰ পুঁজিলৈ মুক্তহস্তে দান-বৰঙণি আগবঢ়াবলৈ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতি আহ্বান জনোৱা হয় মছজিদ কমিটিৰ ফলৰ পৰা। তদুপৰি বিবৃতিটোৰ জৰিয়তে এই সংকটকালত চৰকাৰী নীতি-নিৰ্দেশনা নিষ্ঠাৰে মানি চলি মছজিদৰ সলনি ঘৰতে থাকি নামাজ আদায় আৰু ধৰ্মীয় উপাসনাৰ কাম সম্পন্ন কৰিবলৈ ৰাজ্যৰ মুছলমান সম্প্ৰদায়ৰ জনসাধাৰণৰ প্ৰতি মছজিদ কমিটিয়ে পুনৰ আহ্বান জনায়।