গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : বিশ্বৰ কেওবাখনো দেশৰ লগতে ভাৰততো কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে তলাবন্ধ। দেশজুৰি তলাবন্ধৰ এই সময়ত মানুহৰ লগতে সমস্যাৰ সন্মুখীন হৈ মানুহৰ ওপৰত নিৰ্ভৰশীল প্ৰাণী সমূহ। মানুহৰ ওপৰত নিৰ্ভৰশীল প্ৰাণী সমূহৰ ভিতৰত অন্যতম হৈছে নৱগ্ৰহ মন্দিৰত থকা বান্দৰ সকল। মানুহে যোগান ধৰা খাদ্য খাই জীয়াই থকা নৱগ্ৰহৰ বান্দৰ সকল বৰ্তমান কেনে আছে, কি খাই জীয়াই আছে এই বান্দৰ সকল?

 

 

কভিড-১৯ কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে বিশ্বজুৰি অব্যহত থকা তলাবন্ধৰ ফলত এফালে যদি মানুহৰ বাবে সংকট নামি আহিছে, মানুহ গৃহবন্দী হৈছে আনফালে আকৌ বন্যপ্ৰাণী সমূহে শান্ত হৈ পৰা পৃথিৱীৰ বুকুত মুক্তমনে বিচৰণ কৰাৰ সুবিধা লাভ কৰিছে। ইয়াৰ মাজতো কিন্তু মানুহৰ সমান্তৰালে অসুবিধাৰ সন্মুখীন হৈছে অন্য কিছুমান প্ৰাণী। বিশেষকৈ পদপথত থকা কুকুৰ আৰু মানুহৰ ওপৰত নিৰ্ভৰশীল বান্দৰ সকল। মহানগৰীৰ নৱগ্ৰহ মন্দিৰত দেখিবলৈ পোৱা বান্দৰ সকল বৰ্তমান তলাবন্ধৰ ফলত সন্মুখীন হৈছে খাদ্য সংকটৰ। সাধাৰণতে প্ৰতিদিনে নৱগ্ৰহ মন্দিৰলৈ আহ ভক্ত সকলে খাবলৈ দিয়া প্ৰসাদ খাই জীয়াই থকা বান্দৰ সকলৰ বাবে এতিয়া মন্দিৰ চৌহদত নাই খাদ্য। দোকান, বজাৰ, বাট-পথ, শিক্ষা অনুষ্ঠান, ছবিগৃহ সকলোৰে লগত ঈশ্বৰৰ ঘৰটো উলমিছে তলা। কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ সতৰ্কতা অনুযায়ী মন্দিৰলৈ ভক্তৰ আগমন নিষেধ হৈ পৰাৰ লগে লগে প্ৰতিদিনে মন্দিৰৰ প্ৰসাদ খাই জীয়াই থকা বান্দৰ সকল বঞ্চিত হ’বলগা হৈছে খাদ্যৰ পৰা। কভিড-১৯ কৰ’ণা ভছিৰাছৰ আতংকৰ মাজতো কিন্তু অঞ্চলটোৰ কিছুমান যুৱকে পাহৰি যোৱা নাই নৱগ্ৰহৰ বান্দৰ সকল। যোৱা ২৪ মাৰ্চ পৰা আৰম্ভ হোৱা তলাবন্ধৰ দিনৰে পৰা অঞ্চলটোৰ কিদুমান যুৱকে প্ৰতিদিনে নৱগ্ৰহ মন্দিৰৰ বান্দৰ সকলক যোগান ধৰি আহিছে বিভিন্ন খাদ্য সামগ্ৰী। যুৱক সকল খাদ্য সামগ্ৰী লৈ মন্দিৰৰ চৌহদত উপস্থিত হোৱাৰ লগে লগে বন্দৰ সকল আহি যুৱক সকলৰ পৰা খাদ্য সামগ্ৰী সমূহ গ্ৰহণ কৰি ব্যস্ত হৈ পৰে খোৱাত।

 

নৱগ্ৰহ মন্দিৰৰ বান্দৰ সকলক এইদৰে প্ৰতিদিনে খাদ্য সমগ্ৰী যোগান ধৰা যুৱক সকল যিদৰে জীৱশ্ৰেষ্ঠ হিচাপে নিজৰ দায়িত্ব পালন কৰি আছে ঠিক তেনেদৰে মহানগৰীৰ ধীৰেনপাৰা চাহিদ আহমেদ নামৰ এজন যুৱকে অঞ্চলটোৰ পদপথৰ কুকুৰ সকলক তলাবন্দৰ আৰম্ভণিৰ দিনৰে পৰা খাদ্য যোগান ধৰি আহিছে। ভয়াবহ এই বিপদৰ সময়ত পদপথত বসবাস কৰা মানুহ সকলৰ লগতে বিভিন্ন প্ৰাণীৰ কাষত বৰ্তমান দেখিবলৈ পোৱা গৈছে হৃদয়বান ব্যক্তি সকলক।