গুৱাহাটী, সংবাদ ৩৬৫, ৩১ মাৰ্চ: তলাবন্ধৰ সময়তে গুৱাহাটী মহানগৰীত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত নিহত হয় উদীয়মান সাংবাদিক দিম্পী কাশ্যপ। নিশা কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় সাংবাদিক গৰাকী।

কভিড-১৯ কৰ’ণা ভছিৰাছৰ সংক্ৰমণৰ ৰোধ কৰাৰ বাবে সমগ্ৰ দেশৰ সমান্তৰালে অসমতো তলাবন্ধ অব্যহত থকাত মাজতে সোমবাৰে নিশা গুৱাহাটী মহানগৰীত সংঘটিত হয় এক পথ দুৰ্ঘটনা। মহানগৰীৰ সুন্দৰপুৰৰ সমীপত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিহত হয় দিম্পী কাশ্যপ নামৰ এগৰাকী মহিলা সাংবাদিক। ৱেব পৰ্টেলত এটাত কৰ্মৰত দিম্পী কাশ্যপ সোমবাৰে নিশা ৯.৪৫ বজাত সহকর্মী অৰূপ মৰাংৰ সৈতে কাৰ্যালয়ৰ পৰা ঘৰলৈ উভতি থকা সময়ত সুন্দৰপূৰৰ সমীপত এক ভয়াবহ পথ দুৰ্ঘটনাত নিহত হয়। পথ দুৰ্ঘটনাত থিতাতে নিহত হোৱা দিম্পী কাশ্যপ নামৰ সাংবাদিক গৰাকী লগতে আহত হয় সহকর্মী অৰূপ মৰাং।

জানিব পৰা মতে কৰ্মস্থলীৰ পৰা দুচকীয়া বাহনেৰে ঘৰলৈ উভতি থকা সময়ত নিয়ন্ত্ৰণ হেৰুৱাই সুন্দৰপুৰৰ সমীপত এক বৈদ্যুতিক খুটাত খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে দিম্পী কাশ্যপ নামৰ মহিলা সাংবাদিক গৰাকী নিহত হোৱাৰ লগতে গুৰুত্বৰ ভাবে আহত হয় দিম্পী কাশ্যপৰ সহকর্মী অৰূপ মৰাং। বৰ্তমান অৰূপ মৰাং সংকটজনক অৱস্থাত মহানগৰীৰ এক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।