বৰপেটা

২ আগষ্ট

অসম গ্ৰামীণ বিকাশ বেংকৰ মন্দিয়া শাখাৰ অধীনস্থ বামুণদংৰা গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক আতোৱাৰ ৰহমানৰ বিৰুদ্ধে ভূক্তভোগী ৰাইজৰ থানাত এজাহাৰ দাখিল। আৰক্ষীৰ ভূমিকাকলৈও অসন্তুষ্ট ৰাইজ।

অসম গ্ৰামীণ বিকাশ বেংকৰ বামুণদংৰা গ্ৰাহক সেৱা কেন্দ্ৰৰ এক বুজন সংখ্যক গ্ৰাহক ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলৰ বাসিন্দা। এই চৰ অঞ্চলত বসবাস কৰা বেংকৰ গ্ৰাহক সকলে ১০০ টকা নাওঁ ভাড়া খৰচ কৰি চি এছ পিত টকা তুলিবলৈ আহে। ইপিনে চি এছ পি অপাৰেটৰ গৰাকীকো টকা তুলাৰ বাবে ১০০ টকা প্ৰদান নকৰিলে টকা তুলিব নোৱাৰে বুলি অভিযোগ কৰিছে গ্ৰাহক সকলে। সেৱা কেন্দ্ৰটোত একাংশ গ্ৰাহকৰ জমা ধন হৰলুকি হোৱাৰো অভিযোগ উত্থাপিত কৰিছে কিছু সংখ্যক গ্ৰহাকে। গ্ৰাহকৰ ধন ঠগবাজি কৰি তুলি লোৱা আৰু গ্ৰাহকৰ লগত অকথ্য ব্যৱহাৰ কৰাৰ অভিযোগত সেৱা কেন্দ্ৰটোৰ পৰিচালক আতোৱাৰ ৰহমানৰ বিৰুদ্ধে শৰিফন নেছা নামৰ এগৰাকী ভূক্তভোগীয়ে বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত মন্দিয়া আৰক্ষী চকীত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে আচামীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিবৰ্তে অভিযোগকাৰীৰ ঘৰত গৈ অত্যাচাৰ কৰাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে।

অসম গ্ৰামীণ বিকাশ বেংকৰ বামুণদংৰা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক আতোৱাৰ ৰহমানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু আৰক্ষীৰ ভূমিকাৰ বিৰুদ্ধে অৱশেষত প্ৰতিবাদ সাব্যস্ত কৰি উৰ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপ কামনা কৰিছে। ইপিনে বেংক কতৃপক্ষই যোগান ধৰা তথ্য মতে অভিযোগকাৰী সকলৰ অভিযোগ মিছা আৰু অভিযোগ সম্পূৰ্ণ মনেসজা বুলি জানিবলৈ দিয়ে। এতিয়া এক নিৰপেক্ষ অনুসন্ধানেহে ঘটনাৰ প্ৰকৃত স্বৰূপ উদঙাই দিব বুলি মত প্ৰকাশ কৰিছে ৰাইজে।