ক্ষেত্ৰী

১ আগষ্ট

দিশপুৰ সমষ্টিৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৬৪ নং ধুপগুৰী গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ ধৰবাম পশ্চিম উলনি গাঁৱৰ সৈতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগ কৰা এটা পথ। এই পথৰে দুর্বস্থাৰ ফলত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে গাঁওবাসী।

স্বাধীনতাৰ ৭৩টা বছৰ পাৰ হ’ল কিন্তু দিশপুৰ সমষ্টীৰ অন্তৰ্ভুক্ত হোৱাৰ পিছতো চৰকাৰে মাত্র ৭০০ মিটাৰৰ পথ এটা নিৰ্মান কৰাৰ কোনো ব্যৱস্থা গ্ৰহন নকৰিলে। ফলত বাৰিষাকালত বোকাময় পথৰ মাজেৰে যাতায়ত কৰিবলৈ লগীয়া হয় গাঁওবাসী। পথটোৰ দুর্বস্থাৰ ফলত জীয়াতু ভুগিব লগীয়া হৈছে গাঁওবাসীৰ লগতে স্কুল-কলেজলৈ যোৱা ছাত্র ছাত্রী সকল। ৰাইজে পথটো নিৰ্মানৰ বাবে দিশপুৰ সমষ্টিৰ স্থানীয় বিধায়ক অতুল বৰাক বহুবাৰ আবেদন জনাই আহিছে যদিও বিধায়কজনে কেৱল ৰাইজক আশ্বাসৰ ওপৰত আশ্বাস প্ৰদান কৰিয়ে নিজৰ দায়িত্ব সমৰিছে। পথটো নিৰ্মাণৰ ক্ষেত্ৰত বিধায়ক গৰাকীয়ে কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন নকৰাত ক্ষোভিত হৈ পৰিছে গাঁওবাসী।

ৰাইজে পথটো অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিধায়ক অতুল বৰাক পুনৰবাৰ আহ্বান জনাইছে। বিধায়ক তথা চৰকাৰে পথতো নিৰ্মাণৰ ক্ষেত্ৰত যদি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহন নকৰে তেন্তে ৰাইজে ২১ ৰ নিৰ্বাচনত বিধায়ক অতুল বৰাৰ লগতে বর্তমানৰ চৰকাৰখনক উচিত শিক্ষা দিয়াৰ হুংকাৰ প্ৰদান কৰিছে।