নিউজ ডেস্ক

২ আগষ্ট

কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে দেওবাৰে এক টুইট যোগে প্ৰকাশ কৰিছে যে কৰ’ণা ভাইৰাছৰ আগতীয়া লক্ষণ তেওঁৰ শৰীৰত দেখা দিয়াৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে স্বাস্থ্য পৰীক্ষা কৰাইছিল। স্বাস্থ্য পৰীক্ষাৰ ফলাফলত কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীৰ শৰীৰত কৰ’ণা ভাইৰাছ ধৰা পৰিছে বুলি টুইট যোগে জানিবলৈ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহই।

গৃহমন্ত্ৰী গৰাকীয়ে লগতে প্ৰকাশ কৰে যে তেওঁ বৰ্তমান সুস্থ হৈ আছে যদিও চিকিৎসাকৰ পৰামৰ্শ অনুসৰি তেওঁ চিকিৎসালয়ত ভর্তি হ’ব। গৃহমন্ত্ৰী অমিত শ্বাহই লগতে যোৱা কিছুদিন ধৰি তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক আইছ’লেছনত থাকিবলৈ অনুৰোধ জনাইছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকাৰ খবৰৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহমন্ত্ৰী অমিত শ্বাহৰ আশু-আৰোগ্য কামনা কৰিছে। গৃহমন্ত্ৰী গৰাকীয়ে তেওঁৰ অদম্য মনোবলেৰে অচিৰেই আৰোগ্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে।