গুৱাহাটী, সংবাদ ৩৬৫, ১২ মাৰ্চ : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অন্যতম বিভাগ সৰ্বভাৰতীয় প্ৰফেচনেলচ্ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ শশী থাৰুৰ ডাঙৰীয়াই শেহতীয়াকৈ প্ৰফেচনেলচ্ কংগ্ৰেছ, অসম প্ৰদেশৰ ৰাজ্যিক কমিটীখনক অনুমোদন দিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ তথা যুৱ নেতা গৌৰৱ ছোমানীক প্ৰফেচনেলচ্ কংগ্ৰেছ, অসম প্ৰদেশৰ সভাপতি হিচাপে নিযুক্তি দিয়াৰ লগতে ৰিজুমণি তালুকদাৰক উপ-সভাপতি আৰু টিনাত আতিফা মাছুদক সম্পাদক হিচাপে নিযুক্তি দিছে। এই কমিটীখন সম্পৰ্কে ঘোষণা কৰে প্ৰফেচনেল কংগ্ৰেছৰ উত্তৰ-পূৱ সংমণ্ডলৰ সভাপতি ছাজাৰিতা লাফালাঙে।

বিশেষকৈ, দেশখনৰ বিভিন্ন প্ৰফেচনেল তথা ব্যৱসায়িক ক্ষেত্ৰত জড়িত লোকসকলৰ বিভিন্ন সমস্যাসমূহৰ ফলপ্ৰসু সমাধান তথা তেওঁলোকক সাম্প্ৰতিক সময়ৰ লগত খোজ মিলাব পৰাকৈ প্ৰস্তুত কৰাৰ মুখ্য উদ্দেশ্যেৰে গঠিত সৰ্বভাৰতীয় প্ৰফেচনেলচ্ কংগ্ৰেছ।সৰ্বভাৰতীয় প্ৰফেচনেলচ্ কংগ্ৰেছ, অসম প্ৰদেশৰ নৱ-নিযুক্তি সভাপতি গৌৰৱ ছোমানীয়ে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে প্ৰফেচনেলচ্ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শশী থাৰুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰীৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ প্ৰমুখ্য কৰি প্ৰফেচনেল কংগ্ৰেছৰ উত্তৰ-পূৱ সংমণ্ডলৰ সভাপতি ছাজাৰিতা লাফালাঙকো ধন্যবাদ জ্ঞাপন কৰিছে।

ছোমানীয়ে ৰাজ্যখনত ২০২১ত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনত প্ৰফেচনেলচ্ কংগ্ৰেছে সৰ্বতোপ্ৰকাৰৰ কাম-কাজ অব্যাহত ৰাখিব বুলি ঘোষণা কৰে।