নগাঁও, সংবাদ ৩৬৫, ১২ মাৰ্চ : নগাঁৱৰ বৰভেটিত ব্ৰাউন ছুগাৰ, হেৰইনৰ লগতে বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য উদ্ধাৰ। নগাঁও চহৰ আৰক্ষী শাখাৰ উপ পৰিদৰ্শক কুণ্ডণ ৰবি দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে বৰভেটি তিনিআলিৰ সমীপৰ মজিবুৰ ৰহমান নামৰ এজন লোকৰ ঘৰৰ পাছফালৰ পৰা উদ্ধাৰ কৰে নিচাজাতীয় দ্ৰব্যখিনি।

বুধবাৰে নিশাৰ ভাগত নগাঁও চহৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত বৰভেটি তিনিআলিত অভিযান চলাই এই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে উদ্ধাৰ কৰা নিচাজাতীয় দ্ৰব্যখিনিৰ আন্তজাৰ্তিক মুল্য প্ৰায় ২ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে বৃহৎ পৰিমাণ নিচাজাতীয় দ্ৰব্যখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও অভিযানত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই পলায়ণ কৰে মজিবুৰৰ ৰহমান নামৰ ড্ৰাগছ ব্যৱসায়জনে।

উল্লেখ্য যে, কিছুদিন পূৰ্বেও নগাঁও আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰি চহৰখনৰ পৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট, চিৰিঞ্জ আৰু হুকা জব্দ কৰিবলৈ সক্ষম হৈছিল। নিচা জাতীয় সমগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত এখন ব্যক্তিকো আটক কৰিছিল নগাঁও আৰক্ষীয়ে।নগাঁৱৰ আৰক্ষী বিষয়া সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ নেতৃত্বত নগাঁও চহৰ আৰক্ষী উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ লগত যোৱা এটি আৰক্ষীৰ দলে নিচা জাতীয় সামগ্ৰী বিৰোধী অভিযান চলাই সফলতা লাভ কৰিছিল।