মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৩১ মাৰ্চ: শনিবাৰে দক্ষিণ কামৰূপত ৰে’লৰ চেপাত মৃত্যু হৈছে হিমালয়ান গ্ৰীফান প্ৰজাতিৰ শগুনৰ। জানিব পৰা মতে এটা মৰা গৰু ভক্ষন কৰি শগুন কেইটাই ৰে’লৰ আলিত বহি থাকোতে ৰে’লে মহতিয়াই নিয়াত শগুন কেইটাৰ মৃত্যু হয়। পলাশবাৰীস্থিত বৰতেজপুৰত কামাখ্যা যোগীঘোপা সংযোগী ৰে’ল আলিত সংঘটিত হোৱা এই দুৰ্ঘটনাত ১৪ টাকৈ হিমালয়ান গ্ৰীফান প্ৰজাতিৰ দুষ্প্ৰাপ্য শগুনৰ মৃত্যু হয়। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত ৰে’লৰ চেপাত পৰি বহু শগুনৰ মৃত্যু হৈছে। ৰে’ল পথত বনৰীয়া হাতীক দুৰ্ঘটনাৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ বাবে ৰে’ল বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত হবলৈ ধৰে শগুনক সুৰক্ষা প্ৰদানৰ বাবে ৰে’ল বিভাগে বৰ্তমানলৈকে গ্ৰহণ কৰা কোনোধৰণৰ ব্যৱস্থা। বনৰীয়া হাতীৰ দৰে ৰে’লৰ আলিত শগুণক সুৰক্ষা প্ৰদানৰ বাবে ৰে’ল বিভাগে যদি অতি শীঘ্ৰে কোনো বিশেষ পদক্ষেপ গ্ৰহন নকৰে তেন্তে নিশ্চিহ্ন হোৱাৰ পথত এই দুষ্প্ৰাপ্য শগুনবোৰ।