গুৱাহাটী, সংবাদ ৩৬৫, ৯ জানুৱাৰী : ৰাজ্যৰ সমগ্ৰ প্ৰান্ততে বৃহস্পতিবাৰে আছুৰ লগতে ৩০ টা জনগোষ্ঠীয় সংগঠনে “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । মহানগৰীৰ লগতে তেজপুৰতো অনুষ্ঠিত কৰা হৈছে ৰণশিঙা।

ডবা, বৰকাঁহ, শংখৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ ৰ’টাৰি পইণ্ট আৰু তেজপুৰো উত্তাল হৈ পৰে ।

সদৌ শোনিতপুৰ জিলা ছাত্ৰ সন্থা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সমবেত ৰাইজে বৰকাঁহ, শংখ আৰু ডবাৰে উত্তাল কৰি তোলে পৰিবেশ।

সেইদৰে গুৱাহাটী মহানগৰীৰ ৰ’টাৰি পইণ্টো ডবা, শংখৰে ধ্বনিত হৈ উঠে । সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ, সমুজ্জল ভট্টাচাৰ্যৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গো উপস্থিত থাকে এই কাৰ্যসূচীত ।