আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৫ ডিচেম্বৰ

প্ৰেছ ক্লাৱৰ উদ্যোগত ২ ঘন্টিয়া অৱস্থান ধৰ্মঘট। আকাশবাণী, ডিব্ৰুগড় কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰূদ্ধে শিৱসাগৰ প্ৰেছ ক্লাবৰ প্ৰতিবাদ। আকাশবাণী, ডিব্ৰুগড় কেন্দ্ৰ পুনৰ মুকলি কৰাৰ দাবী।

প্ৰচাৰ ভাৰতীৰ আকাশবাণী, ডিব্ৰুগড় কেন্দ্ৰটি বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰূদ্ধে আৰু এই সিদ্ধান্ত বাতিল কৰাৰ দাবীত শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ সহযোগত মঙলবাৰে দিনৰ ১১ বজাত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। আকাশবাণী, ডিব্ৰুগড় কেন্দ্ৰ কেৱল মাত্ৰ এটা অনুষ্ঠান নহয়, ই অসমীয়া জাতীয় জীৱনৰ সম্পদ, অসমীয়া সংস্কৃতিৰ ঐতিহ্য, আমাৰ জাতীয় পৰিচয় বুলি মন্তব্য প্ৰকাশ কৰি প্ৰতিবাদকাৰী সকলে আকাশবাণী, ডিব্ৰুগড় কেন্দ্ৰটি বন্ধ কৰাৰ বিৰোধিতা কৰে।

আকাশবাণী, ডিব্ৰুগড় কেন্দ্ৰটি বন্ধ কৰাৰ সমান্তৰালকৈ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰকো ৰিলে কেন্দ্ৰলৈ পৰিৱৰ্তন কৰি উজনি অসমৰ কলা সংস্কৃতিৰ সম্প্ৰচাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ কাৰ্যক তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।