গুৱাহাটী

১৬ ডিচেম্বৰ

বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনকলৈ সম্পূৰ্ণ সাজু কামৰূপ মহানগৰ আৰু নগাঁও জিলা প্ৰশাসন। কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত তিৱা স্বায়ত্বশাসিত পৰিষদৰ ৬ টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া ১০০ টা ভোট গ্ৰহণ কেন্দ্ৰত নিয়োজিত প্ৰিজাইডিং বিষয়া আৰু প’লিং বিষয়াসকলে বুধবাৰে বেলট বাকচকে ধৰি অন্যান্য নিৰ্বাচনী সামগ্ৰী লৈ নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হয়৷ ইফালে নগাঁৱৰ ১০১ টা ভোট কেন্দ্ৰলৈ ৰাওনা হয় ১৮৭ গৰাকী প্ৰিজাইডিং আৰু প’লিং বিষয়া।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অস্থায়ীভাৱে স্থাপন কৰা কেন্দ্ৰৰ পৰা তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক নিৰ্বাচনী সামগ্ৰী প্ৰদান কৰে৷ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৰ্যৱেক্ষণত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰিজাইডিং প’লিং বিষয়াসকলৰ মাজত নিৰ্বাচনী সামগ্ৰী বিতৰণ কৰা হয়। ইফালে নগাঁও জিলাত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে ভোটগ্ৰহণৰ সকলো সামগ্ৰী লৈ নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হয় পলিং আৰু প্ৰিজাইডিং বিষয়াসকল।

নগাঁও জিলাৰ ১০ টা পৰিষদীয় সমষ্টিত মুঠ ১০১ টা ভোটকেন্দ্ৰৰ বাবে ১৮৭ গৰাকী প্ৰিজাইডিং আৰু ৩৯৮ গৰাকী পলিং বিষয়া নিয়োগ কৰা হৈছে। নগাঁও জিলাৰ ১০ টা পৰিষদীয় সমষ্টিত মুঠ ৩৮ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব মুঠ ৮০২৪২ গৰাকী ভোটাৰে। উল্লেখ্য যে, গুৱাহাটীৰ কালিৰাম বৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত কামৰূপ জিলা প্ৰশাসনে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ষ্ট্ৰং ৰূম স্থাপন কৰিছে আৰু ১৯ ডিচেম্বৰত ইয়াতে তিৱা স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব৷