নৱজোতি বৰুৱা

চামগুৰি

১৫ ডিচেম্বৰ

নগাঁও জিলাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সংঘাত। বিশেষকৈ জিলাখনৰ চামগুৰিৰ অন্তৰ্গত গাঁও সমূহত বিগত কিছুদিন ধৰি বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস অব্যাহত ৰাখিছে। চামগুৰিত ১৫০ জনীয়া এটা বৃহৎ বনৰীয়া হাতীৰ জাকে গাঁও সমূহত সন্ত্ৰাস চলাই টোপনি হৰিছে গঞা ৰাইজৰ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাত দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ সন্ত্ৰাস। দিনক দিনে বনাঞ্চল সমূহ সংকুচিত হৈ অহাৰ ভয়াবহ পৰিনাম ভোগ কৰিছে মানৱ জাতিয়ে। বিভিন্ন সময়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ জাক ওলাই আহি তাণ্ডৱ চলাই থকাৰ মাজতে পথাৰত ধান পকাৰ সময়ত বনৰীয়া হাতীৰ তাণ্ডৱ অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হয়।চামগুৰিৰ পথাৰ সমূহত ধান পকাৰ লগে লগে অঞ্চলটোৰ গাঁও সমূহত বৃদ্ধি পাইছে বনৰীয়া হাতীৰ উপদ্ৰৱ। সোমবাৰে নিশা চামগুৰিৰ গেন্ধালি আদৰ্শ গাঁৱত পথাৰৰ ধান খাবলৈ আহি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই দুটাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। নিশা হলেই চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে পথাৰৰ পকা ধান খাই তহিলং কৰাৰ লগতে উপদ্ৰৱ চলাই গঞা ৰাইজৰ টোপনি হৰণ কৰিছে। জানিব পৰা মতে প্ৰায় ১৫০ জনিয়া এটা বৃহত বনৰীয়া হাতীৰ জাকে চামগুৰিৰ বিভিন্ন অঞ্চলত অৱস্থান কৰি আছে।

কিছুদিন পূৰ্বে চামগুৰিৰ হাঁহচৰা আৰু বৰালীগাঁৱৰ পথাৰত দিন দুপৰতে বনৰীয়া হাতীৰ মুক্ত বিচৰণ কৰি পথাৰৰ পকা ধান খাই খেতি পথাৰ তহিলং কৰিছিল। বনৰীয়া হাতীৰ উপদ্ৰৱৰ মাজতো হাঁহচৰা আৰু বৰালীগাঁৱৰ পথাৰ সমূহত কৃষক সকলে ধান চপাবলৈ চেষ্টা কৰে যদিও একাংশ খেতি পথাৰৰ পকা ধান বনৰীয়া হাতীৰ জাকে খাই তহিলং কৰে। স্থানিয় লোক আৰু বনবিভাগে দিনৰ ভাগত বনৰীয়া হাতীৰ জাকত বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় যদিও নিশা ভাগত পুনৰ বনৰীয়া হাতীৰ জাক ঘূৰি আহি উপদ্ৰপ চলাই গ্ৰামাঞ্চলত।