কুন্দন ভৰালী

নগাঁও

১৩ জুলাই

আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম গণ পৰিষদ শিবিৰত মোক্ষম আঘাত। নগাঁৱৰ ৰহাত আঞ্চলিক দলটোৰ ধ্বজা উৰুৱাই ৰখা অৰ্দ্ধ শতাধিক নেতা-কৰ্মীয়ে ত্যাগ কৰিলে দল। অসম গণ পৰিষদৰ অৰ্দ্ধ শতাধিক নেতা-কৰ্মীৰ লগতে প্ৰয়াত নেতা প্ৰসন্ন কোঁৱৰৰ পুত্ৰও গ্ৰহণ কৰিলে কংগ্ৰেছৰ সদস্যপদ।

ৰাজ্যত আগন্তক বিধানসভা নিৰ্বাচনকলৈ ৰাজনৈতিক দল সমূহ তৎপৰ হৈ থকাৰ মাজতে বৰ্তমানৰ চৰকাৰখনৰ মিত্ৰদল অসম গণ পৰিষদ দলত দেখা দিছে খহনীয়া। নগাঁও জিলাৰ ৰহাত অসম গণ পৰিষদ দলত খহনীয়া। অসম গণ পৰিষদৰ দলীয় কর্মী-নেতাই দল ত্যাগ কৰি যোগদান কৰিলে কংগ্ৰেছ দলত। অসম গণ পৰিষদৰ নগাঁও শিবিৰত মোক্ষম আঘাত কৰি কংগ্ৰেছৰ হাত ধৰিলে ৰহাৰ অৰ্ধ শতাধিক কর্মী-নেতাই। আঞ্চলিক দলটোৰ কিছু সংখ্যক নেতাৰ কাম-কাজত অতিষ্ঠ হৈ নগাঁৱত কংগ্ৰেছত যোগদান কৰিলে ৰহাত আঞ্চলিক দলটোৰ ধ্বজা উৰুৱাই ৰখা নেতা-কৰ্মী সকলে। ৰহাৰ যুৱনেতা জ্যোতিষ্মান কোঁৱৰ আৰু অভিজিৎ কোঁৱৰৰ নেতৃত্বত কংগ্ৰেছৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰা সমষ্টিটোৰ অৰ্দ্ধশতাধিক নেতা-কৰ্মী সকলৰ ভিতৰত আছে অসম গণ পৰিষদৰ প্ৰয়াত নেতা প্ৰসন্ন কোঁৱৰৰ পুত্ৰও।

সোমবাৰে নগাঁৱৰ ৰাজীৱ ভৱনত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাৰ উপস্থিতিত এইসকল নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে। সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই সম্পন্ন হোৱা এই অনুষ্ঠানত দ্বীপ দাস, শশীকান্ত দাস আদিকে ধৰি বহু সংখ্যক কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে। যোগদান অনুষ্ঠানৰ ভাষণ প্ৰসংগত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে অগপ-বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে “কা” বিৰোধী সকলো শক্তি একত্ৰিত হৈ ২০২১ ত কংগ্ৰেছ দলৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে।