আনিছুৰ আলী

গৌৰীপুৰ

১৩ জুলাই

যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ধুবুৰী জিলাত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। জিলাখনৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজ বাঢ়নী পানীৰ মাজত ককবকাই থকাৰ মাজতে তামাৰহাটত গংগাধৰ নদীৰ বাঢ়নী পানীয়ে বুঢ়াই পেলাইছে বৃহত্তৰ কুমাৰগঞ্জ অঞ্চল।

গংগাধৰ নদীৰ বাঢ়নী পানীয়ে তামাৰহাটৰ কুমাৰগঞ্জৰ লগতে উজানপেটলা ১ম আৰু ২য় খণ্ড, মৰাগদাধৰ, বৰবালাচৰকে আদি কৰি অৰ্ধ শতাধিক গাঁও বুঢ়াই পেলাইছে। যোৱা তিনিদিন ধৰি পানীৰ তলত ককবকাই থকা অঞ্চলটোৰ ৰাইজে এক হাহাকাৰ অৱস্থাত দিন পাৰ কৰিব লগাত পৰিছে। ইফালে ধুবুৰী-কচুগাঁও সংযোগী একমাত্ৰ গড়কপ্তানী পথটো গংগাধৰ নদীৰ বাঢ়নী পানীয়ে চাৰিবছৰ পূৰ্বে ছিঙি নিয়াৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছিল যদিও বৰ্তমান পথটোৰ ছিঙি যোৱা অংশত মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ পথত যদিও বাঢ়নী পানীয়ে পথটো পুনৰায় ছিঙি লোৱাৰ আশংকাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে। তিনিদিন ধৰি বাঢ়নী পানীত ককবকাই থকা ৰাইজৰ কাষত সোমবাৰে ২৫ নং গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ অ বি চি বোৰ্ডৰ অধ্যক্ষ অশ্বিনী ৰায় সৰকাৰ উপস্থিত হয়।

ইফালে ধুবুৰী জিলাৰ অন্তৰ্গত গৌৰীপুৰৰো বিভিন্ন অঞ্চল বানপানীৰ কবলত পৰিছে৷ গৌৰীপুৰৰ বৰাইবাৰী, ছাতেৰ আলগা, বাগমাৰা, দেবওৰৰায়পুৰ, বইগলামাৰী,
কাজিগাঁও, খুঠাবাগৰা, শিলাইৰপাৰ, নালিয়া, গাইখোৱা, কেদাৰ, বলদমৰা আৰু গোৱালগাঁৱৰ বিস্তীৰ্ণ এলেকা বাঢ়নী পানীৰ কবলত। এফালে চৰকাৰৰ ফালৰ পৰা গৌৰীপুৰৰ বানাক্ৰান্ত এলেকা সমূহৰ জনসাধাৰণে কোনো সহাৰি লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।