জুৰীয়া

শিবেন্দু বৰা

১৪ জুলাই

লাওখোৱা অভয়াৰণ্যত অব্যাহত আছে বানৰ তাণ্ডৱ। বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰা অভয়াৰণ্যখনৰ বাঢ়নী পানীৰ মাজৰ পৰা দুটা কেটেলা পহুৰ লগতে ৯ টাকৈ পহু জীৱন্তে উদ্ধাৰ। বানপানীৰ ফলত বৰ্তমানলৈকে লাও খোৱা অভয়াৰণ্যত মৃত্যু হৈছে এটা হৰিনা পহু আৰু এটা বনৰীয়া গাহৰি।

উজনি পৰা নামনিলৈকে ৰাজ্যৰ কেইবাখনো জিলাৰ বিস্তীৰ্ণ এলেকা বানপানীৰ কবলত। বানৰ সংহাৰী ৰূপৰ পৰা ৰক্ষা পৰা নাই বনাঞ্চল সমূহো। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে নগাঁও জিলাৰ লাওখোৱা অভয়াৰন্যত বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰি প্লাৱিত কৰি পেলাইছে সম্পূৰ্ন লাওখোৱা অভয়াৰণ্য। অভয়াৰণ্যখনত থকা জীৱ-জন্তু সমূহে বানপানীৰ সময়ত আশ্ৰয় লোৱা পলাশতলি এলেকাৰ লগতে অন্যান্য ওখ ভেটি সমূহো সম্পূৰ্ণৰূপে পানীৰ তলত ডুব যোৱাত লাওখোৱা অভয়ৰণ্যৰ বন্যপ্ৰাণী সমূহ নিৰাপদ স্থানৰ অভাৱত পৰিছে। উপায়ন্তৰ হৈ বন্যপ্ৰাণী সমূহে আশ্ৰয় বিচাৰি কাষৰীয়া গাঁও সমূহৰ ফালে ঢাপলি মেলিছে। নিৰাপদ স্থান বিচাৰি বানপানীৰ মাজত ককবকাই থকা ৯ টাকৈ পহু আৰু দুটাকৈ কেটেলা পহু জীৱন্তে উদ্ধাৰ কৰি গাঁওবাসীয়ে বন বিভাগক চমজাই দিয়ে যদিও এটা হৰিনা পহু আৰু এটা বনৰীয়া গাহৰিৰ মৃতদেহ বানত উটি যোৱা প্ৰত্যক্ষ কৰে গাঁওবাসীয়ে। উল্লেখ্য যে, বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থাকিলে লাওখোৱা অভয়াৰণ্যত অধিক জীৱ-জন্তুৰ মৃত্যুৰ আশংকা কৰিছে অঞ্চলবাসীয়ে। লাওখোৱা অভয়াৰণ্যখনৰ লগতে অঞ্চলটোৰ ৭ খন ৰাজহ গাঁও সম্পূৰ্ণৰূপে বাঢ়নী পানীৰ তলত ডুব যোৱাত নিৰাপদ আশ্ৰয় বিচাৰি মথাউৰিত আশ্ৰয় লবলৈ বাধ্য হৈছে শতাধিক পৰিয়াল।

বানপানীৰ ফলত অঞ্চলটোৰ বাট-পথ সমূহ পানীৰ তলত ডুব যোৱাত যাতায়তৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত লোক সকল। ফলত ভিতৰতো অঞ্চল সমূহত বাঢ়নী পানীৰ মাজত আৱদ্ধ হৈ পৰা লোক সকলক টুলুঙা নাৱেৰে উদ্ধাৰ কৰিব লগা হৈছে। মানুহৰ সমান্তৰালে হাজাৰ হাজাৰ পশুধন জীয়াতো ভূগিবা লগা হৈছে বাঢ়নী পানীৰ মাজত। জীৱন বচোৱাৰ আপ্ৰাণ চেষ্টা চলাইছে সকলোৱে।