নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৭ জানুৱাৰী : নিৰ্ভয়া দলবদ্ধ বলাৎকাৰ আৰু হত্যাৰ গোচৰত মৃত্যুদণ্ডৰে দণ্ডিত চাৰি দোষীৰ ভিতৰত মুকেশ সিঙে কিছুদিন পূৰ্বে ক্ষমা আবেদন দাখিল কৰিছিল।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিৰ্ভয়া কাণ্ডৰ দোষীৰ এখনেই ক্ষমা আবেদন শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ পাছতেই এতিয়া আবেদন খাৰিজ কৰিছে ৰাষ্ট্ৰপতিয়ে ।

দিল্লীৰ উপ-ৰাজ্যপালে প্ৰেৰণ কৰিছিল বৃহস্পতিবাৰে মুকেশ সিঙৰ ক্ষমা আবেদন গৃহ মন্ত্ৰণালয়লৈ । ইয়াৰ এদিন পূৰ্বে দিল্লী চৰকাৰে আবেদন অস্বীকাৰ কৰাৰ পোষকতা কৰিছিল।

চাৰিও অপৰাধীৰ বিৰুদ্ধে ৭ জানুৱাৰীত জাৰি কৰা হৈছিল ডেথ ৱাৰেণ্ট। ২২ জানুৱাৰীত নিৰ্ধাৰণ কৰা হৈছিল ফাঁচিৰ দিন ।