গুৱাহাটী, সংবাদ ৩৬৫, ২ জানুৱাৰী : গুৱাহাটী প্ৰেছ ক্লাৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল । আছুৰ পিছতে এইবাৰ সংবাদ মেলৰ জৰিয়তে এ জে ৱাই চি পিয়ে সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ।

সেই অনুসৰি ৪ জানুৱাৰীত সমগ্ৰ ৰাজ্যজুৰি জোৰ সমদলৰ কাৰ্যসূচী ৰূপায়ন কৰিব সংগঠনটোৱে।

৮ জানুৱাৰীত ৰাজ্যজুৰি সকলো জিলা সমিতিয়ে উলিয়াব প্ৰতিবাদী সমদল।

১১ জানুৱাৰীত অসমৰ পৰা আন্তঃ ৰাজ্যিক পাৰপত্ৰ বাতিলৰ বিৰোধিতাৰে ক ‘লা দিৱস পালন।

১২জানুৱাৰীত কা বিৰোধী আন্দোলনৰ শ্বহীদ সকলক সমূহীয়া শ্ৰদ্ধাঞ্জলি সৰ্ব ধৰ্মীয় সভা অনুষ্ঠিত কৰা হব।

১৩জানুৱাৰীত দিছ্পুৰ লাষ্টগেটত কৰা হব গণ অৱস্থান কাৰ্যসূচী।

ইফালে ১০ জানুৱাৰীত খেল’ ইণ্ডিয়া কাৰ্যসূচীলৈ প্ৰধানমন্ত্ৰী আহিলে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হব বুলিও জানিবলৈ দিছে পলাশ চাংমায়ে ।

ইয়াৰোপৰি অসমত আন্তঃ ৰাজ্যিক পাৰ্মিত প্ৰবৰ্তন বাবে ন্যায়ালয়ত সংগঠনতো দাৰস্থ হ’ব বুলিও সংবাদ মেলত জানিবলৈ দিয়ে সংগঠনটোৱে।