নিউজ ডেস্ক, সংবাদ ৩৬৫, ২ জানুৱাৰী : সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰচণ্ড শীতৰ প্ৰকোপ। শীতৰ বাবে কেইবাখনো দেশত জাৰি কৰা হৈছে ৰেড এলাৰ্ট। ২০১৯ বৰ্ষৰ ডিচেম্বৰ ভাগলৈ শীতৰ বাবেই মৃত্যু হৈছে কুৰিজনৰো অধিক লোক।

শীতৰ বাবেই এতিয়া বিহাৰৰ পাটনাত বন্ধ কৰি দিয়া হৈছে বিদ্যালয়। দশম শ্ৰেণীলৈকে বন্ধ থাকিব বিদ্যালয়সমূহ। ৫ জানুৱাৰী পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়।

ইয়াৰোপৰি ঘন কুঁৱলীৰ বাবে উত্তৰ ভাৰতত ২১ খনকৈ ৰে’ল চলাচলত পলম হৈছে বুলি জানিব পৰা গৈছে।