নিউজ ডেস্ক , সংবাদ ৩৬৫, ১ জানুৱাৰী : নৱবৰ্ষৰ পহিলা দিনটোতেই ৰেলৰ ভাড়া বৃদ্ধি কৰাৰ কথা এক জাননীৰ জৰিয়তে প্ৰকাশ কৰে ৰে’লৱেই ।

প্ৰতি কিলোমিটাৰত ১ পইচাৰ পৰা ৪ পইচা পৰ্য্যন্ত হৈছে বৃদ্ধি কৰা হৈছে ভাড়া।

এ চি শ্ৰেণীবোৰত প্ৰতি কিলোমিটাৰত ৪ পইচাকৈ বৃদ্ধি কৰাৰ বিপৰীতে মেইল/এক্সপ্ৰেছ নন-এ চি শ্ৰেণীবোৰত প্ৰতি কিলোমিটাৰত ২ পইচাকৈ বৃদ্ধি কৰা হৈছে । ঠিক তেনেদৰে সাধাৰণ নন-এ চি শ্ৰেণীবোৰৰ বৃদ্ধি প্ৰতি কিলোমিটাৰত ১ পইচাকৈ বৃদ্ধি কৰা হৈছে ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০১৪-২০১৫ চনত ৰে’লভাড়া বৃদ্ধি কৰা হৈছিল ।