গৌৰীপুৰৰ পৰা আনিছুৰ আলী, সংবাদ ৩৬৫, ১৩ জুন : এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলৰ সমষ্টিতে খহিছে এ আই ইউ ডি এফ। আগন্ত ২০২১ চনৰ বিধানসভা নিৰ্বাচন পূৰ্বেই আজমলৰ সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ বাবে আহিছে বেয়া খবৰ। আজমালৰ সংগ এৰি কংগ্ৰেছ মুখী দলীয় কৰ্মী।

ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মটেৰঝাৰত দুই শতাধিক এ আই ইউ ডি এফৰ কৰ্মীয়ে লগ এৰিলে আজমলক। এ আই ইউ ডি এফ এৰি কংগ্ৰেছ দলত যোগদান কৰিলে দুই শতাধিক লোকে। জিলাখনৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ মটেৰঝাৰৰ চাপৰ বালাজানত শনিবাৰে কংগ্ৰেছ দলে এখন যোগাদান পৰ্ব আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। সভাখনত ৰূপচী ব্ল’ক কংগ্ৰেছ কমিটীৰ সভাপতি আহমেদ আলী সৰকাৰে সভাপতিত্ব কৰি ৰফিকুল ইছলামক মটেৰঝাৰ মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰি দলৰ ৫১ জনীয়া কমিটী এখন গঠন কৰে। শনিবাৰে অনুষ্ঠিত সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য তথা ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আবুল মিঞাৰ নেতৃত্বত দুই শতাধিক এ আই ইউ ডি এফ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। লগতে এই অনুষ্ঠানতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীক এখন ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্য তথা ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আবুল মিঞাই।

কংগ্ৰেছ দলৰ যোগদান অনুষ্ঠানৰ পৰা বুজিব পাৰি যে আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দুই শতাধিক এ আই ইউ ডি এফ কৰ্মীয়ে দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰাটো আজমালৰ এ আই ইউ ডি এফৰ বাবে ভাল সংকেত নহয়। আনহাতে, ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক আবুল মিঞাই আগন্তুক ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে টিকট প্ৰদান কৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ মন মেলিছে।