বঙাইগাঁৱৰ পৰা কুমাৰ ৰাহুল দাস, সংবাদ ৩৬৫, ১৩ জুন : বঙাইগাঁও জিলাৰ হৰিৰচৰত মৰেল পুলিচৰ ৰূপত এজন শিক্ষক। মানসিক বিকাৰগ্ৰস্ত যুবক এজনক তালিবানী কায়দাৰে প্ৰহাৰ শিক্ষকজনৰ লগতে তেওঁ তিনি ভাতৃৰ।আৰক্ষীৰ ভূমিকাকোলৈ ক্ষোভিত ভুক্তভোগীৰ পৰিয়াল।

বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত হৰিৰচৰত এইবাৰ মৰেল পুলিচৰ ৰূপত এজন শিক্ষক। হৰিৰচৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কুৰবান আলী আৰু তেওঁৰ তিনি ভাই-ককাই ছুৰমান আলী, লোকমান হুছেইন আৰু ওছমান গনিয়ে একে গাঁৱৰে আব্দুল হালিম নামৰ এজন মানসিক বিকাৰগ্ৰস্ত যুবকৰ ওপৰত চলায় তালিবানী শাস্তি। শুকুৰবাৰে নিশা প্ৰয়া ৮ মান বজাত যুবকজন ৰাস্তাৰে গৈ থাকোতে শিক্ষক কুৰবান আলী আৰু তেওঁৰ তিনি ভাই-ককায়ে যুৱক জনক আগুৰি ধৰি হাত ভৰি বান্ধি লাঠিৰে কোবাই কোবাই তালিবানী শাস্তি প্ৰদান কৰে। এই সমগ্ৰ ঘটনাৰ এক ভিডিঅ ফুটেজ ইতিমধ্যে ভাইৰেল হৈ পৰিছে বিভিন্ন মাধ্যমত। জানিবলৈ পৰা মতে পুৰ্বৰ পৰিয়াল কেন্দ্ৰিক কাজিয়াৰ বাবে শিক্ষক কুৰবান আলীয়ে আব্দুল হালিমক হত্যা কৰাৰ চেষ্টা চলাইছিল। আক্ৰমণৰ বলি হোৱা আব্দুল হালিমৰ ভুক্তভোগী পৰিয়ালে সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। ইফালে মেৰেৰচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মোবাৰক আলীয়ে আক্ৰমণৰ বলি হোৱা মানসিক বিকাৰগ্ৰস্ত আব্দুল হালিমকে ওলোটা জেললৈ প্ৰেৰণ কৰাত আৰক্ষী বিষয়া জনে আক্ৰমণকাৰী শিক্ষক জনক ৰক্ষা কৰাৰ চেষ্টা চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে।

অঞ্চলটোৰ স্থনীয় ৰাইজে আৰক্ষী বিষয়া মোবাৰক আলীৰ ভূমিকাক লৈ ক্ষোভিত হৈ পৰিছে। ৰাইজে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰি দোষী ব্যক্তিৰ উচিত শাস্তিৰ দাবী জনাইছে।